প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৫ এপ্ৰিলৰ পুৱা ১১ বজাত ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে গুজৰাটৰ ভূজস্থিত কে কে পেটেল ছুপাৰ স্পেচিয়েলিটি হস্পিটেল দেশবাসীলৈ উৎসৰ্গা কৰিব। চিকিৎসালয়খন ভূজৰ শ্ৰী কাচ্ছি লেভা পেটেল সমাজে নিৰ্মাণ কৰিছে।
এইখন হ’ব কাচ্ছৰ প্ৰথম দাতব্য চুপাৰ স্পেচিয়েলিটি চিকিৎসালয়। ইয়াত ২০০খন আসন থাকিব। চিকিৎসালয়খনে অঞ্চলটোৰ লোকসকলৰ বাবে সুলভ মূল্যত ছুপাৰ স্পেচিয়েলিটি চিকিৎসা সেৱা সহজে উপলব্ধ কৰিব।