বেচাৰাজী মানে হৈছে মা বহুচৰৰ পবিত্ৰ যাত্ৰাধাম৷ বেচাৰাজীৰ পবিত্ৰ ভূমিত বহু সুপুত্ৰ, দাতা আৰু দেশপ্ৰেমীৰ জন্ম হৈছে৷ এই ভূমিৰ পৰা এনে এগৰাকী সুপুত্ৰ, স্বাধীনতা সংগ্ৰামী আৰু সমাজ সেৱক শ্ৰী প্ৰহ্লাদজী হৰগোৱনদাস পেটেলৰ ১১৫সংখ্যক জন্ম বাৰ্ষিকী উপলক্ষে তেওঁক পূন্য স্মৰণ কৰাৰ এয়া এক সুযোগ৷ তদুপৰি, নৱৰাত্ৰিৰ পবিত্ৰ উৎসৱৰ মাজতে আৰু মা বহুচৰৰ সান্নিধ্যত, বিশেষকৈ বৰ্তমান দেশবাসীয়ে আজাদী কা অমৃত মহোৎসৱ উদযাপন কৰি থকা সময়ত প্ৰহ্লাদজীৰ দৰে দেশপ্ৰেমিকক স্মৰণ কৰিবলৈ পাই মই অতিশয় আনন্দিত হৈছো৷
প্ৰহ্লাদভাই মুলতঃ সীতাপুৰ গাঁৱৰ নিবাসী আছিল, কিন্তু তেওঁ বেচাৰাজীত আহি বসবাস কৰিবলৈ ল’লে৷ প্ৰহ্লাদজী শেঠ লাটীৱালা নামেৰে সমগ্ৰ দেশত জনাজাত আছিল৷ তেওঁ এই প্ৰদেশৰ বাবে কৃষ্ণৰ ‘ছামলীয়া শেঠ’ হিচাপে আহিছিল আৰু সমাজৰ কল্যানৰ বাবে একেৰাহে উদাৰ মনেৰে তেওঁ সেৱা কৰিছিল৷ স্বাধীনতা যুঁজৰ সময়ত প্ৰহ্লাদভায়ে গান্ধীজীৰ আহ্বান শুনি অন্যান্য যুৱকসকলৰ দৰে স্বাধীনতা সংগ্ৰামত সক্ৰিয়ভাৱে জড়িত হৈ পৰিছিল৷ সবৰমতী আৰু ইয়েৰাৱাড়া কাৰাগাৰত তেওঁ বন্দীত্বৰ জীৱনো কটাইছিল৷ কাৰাবাস খাটি থকাৰ সময়তে তেওঁৰ পিতৃৰ মৃত্যু হয়৷ সেই সময়ত ইংৰাজ চৰকাৰে ক্ষমাপ্ৰাৰ্থনা লিখিলে তেওঁক ঘৰলৈ যাবলৈ ছুটী দিব বুলি ঘোষণা কৰিছিল৷ তেওঁৰ পিতৃ-মাতৃৰ অন্তিম সংস্কাৰ তেওঁৰ সম্পৰ্কীয় ভাতৃয়ে সম্পন্ন কৰে৷ সেইদৰেই পৰিয়ালতকৈ দেশক অগ্ৰাধিকাৰ প্ৰদান কৰি ‘দেশ প্ৰথম’ ভাৱনাক গুৰুত্ব দিছিল৷ স্বাধীনতা যুঁজত তেওঁ কেতবোৰ গোপন কাৰ্যকলাপত জড়িত আছিল আৰু বহু স্বাধীনতা সেনানীক বেচাৰাজীত লুকুৱাই ৰাখিছিল৷ স্বাধীনতা পাছত দেশৰ সৰু সৰু ৰাজ্য একত্ৰীকৰণত চৰ্দাৰ পেটেল চাহাবৰ নিৰ্দেশত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল আৰু দশাড়া, বণোদ আৰু জৈনাবাদৰ দৰে ৰাজ্য ভাৰতত অন্তৰ্ভূক্ত হোৱাচ সক্ৰিয় অৱদান আগবঢ়াইছিল৷ কেতিয়াবা আক্ষেপ হয় যে এনে মহান দেশপ্ৰেমিকৰ সন্দৰ্ভত দেশৰ ইতিহাসত কোনো ধৰণৰ উল্লেখ নহ’ল৷
আমাৰ সকলোৰে কৰ্তব্য এই যে আমি সকলোৱে প্ৰহ্লাদভাইৰ দৰে মু্ক্তিযোদ্ধাৰ বীৰগাঁথা নতুন প্ৰজন্মক জনোৱাৰ ব্যৱস্থা কৰিম৷ তাৰপৰা তেওঁলোকে প্ৰেৰণা পাব৷ স্বাধীনতাৰ যুঁজৰ পাছত স্বাধীন ভাৰততো তেওঁ শান্তিৰে বহি নাথাকিল৷ সামাজিক কাম-কাজৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকিল৷ ১৯৫১চনত বিনোৱা ভাৱে ভূ-দান আন্দোলনৰ সৈতে জড়িত আৰু ইয়াৰ মালিকীস্বত্ত থকা ২০০ বিঘা ভূমি দান হিচাপে দিছিল৷ এগৰাকী ভূমিপূত্ৰৰ দ্বাৰা বহু ভূমিহীনৰ হিতৰ বাবে গ্ৰহণ কৰা এয়া এক প্ৰয়াস আছিল৷ ১৯৬২চনত মুম্বাইৰ পৰা পৃথক ৰাজ্য গঠন হোৱা গুজৰাটৰ প্ৰথম নিৰ্বাচনত চানশ্মা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰে আৰু নিৰ্বাচিত জনপ্ৰতিনিধি হিচাপে জনতাৰ প্ৰশ্ন দাঙি ধৰে আৰু সমগ্ৰ ৰাজ্যখনক বিকাশৰ দিশত আগুৱাই নিয়ে৷ মোৰ মনত আছে, তেতিয়া মই সংঘৰ কাম কৰিছিলো৷ সংঘৰ কামৰ বাবে পৃথক স্থানলৈ যাবলগীয়া হৈছিল৷ যেতিয়াই বেচাৰাজীলৈ যাবলগীয়া হয়, তেতিয়া প্ৰহ্লাদভাইৰ লাঠী জনকল্যানৰ স্থানত পৰিণত হৈছিল৷ ন্যাসৰ ভাৱনাৰে কাম কৰা প্ৰহ্লাদভায়ে গুজৰাটৰ মহাজন পৰম্পৰাৰ কঠোৰ বিৰোধিতা কৰিছিল৷ প্ৰহ্লাদভাইক স্মৰণ কৰোতে তেওঁৰ ধৰ্মপত্নী কাশীবাক স্মৰণ নকৰিলে বিষয়টো আধৰুৱা হৈ ৰ’ব৷ কাশীবা আদৰ্শ গৃহিনী আছিল, কিন্তু তেওঁ কস্তুৰবাৰ দৰে নাগৰিক ধৰ্মও পালন কৰিছিল আৰু স্বামীৰ সৈতে আছিল৷ তেওঁৰ সমগ্ৰ জীৱন পৰম্পৰা, কাৰ্য পৰম্পৰা, সৰু সৰু কথা, সেই সময়ৰ পৰিস্থিতিত কাম কৰাৰ তেওঁৰ ইচ্ছা স্বাধীনতা সংগ্ৰামত অনূল্য দস্তাবেজ আছিল৷ তেওঁৰ কাম আৰু সামাজিক অৱদানৰ ডকুমেণ্টেচন হোৱা দৰকাৰ, যি বৰ্তমান প্ৰজন্মক নতুন তথ্য প্ৰদান কৰিব আৰু ভৱিষ্যত প্ৰজন্মৰ বাবে সেইবোৰ প্ৰেৰণাদায়ক হ’ব৷ নিজৰ জীৱনকালত তেওঁ জনসেৱাক অগ্ৰাধিকাৰ দিছিল আৰু মৃত্যুৰ পাছতো নেত্ৰদানৰ সংকল্প লৈছিল৷ আপোনালোকে ভাৱক, সেই সময়ত যেতিয়া নেত্ৰদানক লৈ সজাগতা নাছিল, তেতিয়াও তেওঁ সেই কাম কৰিছিল৷ এই সংকল্প কিমান ডাঙৰ আৰু প্ৰেৰণামূলক আছিল৷
গুজৰাটৰ সকলো বিশ্ববিদ্যালয়ে ৰাজ্যখনৰ চুকে-কোনে থকা এনে মহাপুৰুষসকলৰ সন্ধান কৰি তেওঁলোকৰ অজ্ঞাত, সিচঁৰিত হৈ থকা কাহিনীৰ এক সংকলন কিতাপ আকাৰত প্ৰকাশ কৰা উচিত৷ যাৰ জৰিয়তে আজাদী কা অমৃত মহোৎসৱক সঠিক ৰূপত সাৰ্থকতা পাব৷ শ্ৰী প্ৰহ্লাদভাই দেশভক্তি, কৰ্তব্যপৰায়ণতা আৰু সেৱা ভাৱনাৰ ত্ৰিবেনী সংগম আছিল৷ আজি তেওঁৰ সমৰ্পণক স্মৰণ কৰি নতুন ভাৰতক আৰু অধিক উন্নত কৰাৰ দিশত প্ৰেৰণা লও আহক৷ এয়াই তেওঁৰ প্ৰতি সঠিক শ্ৰদ্ধাঞ্জলি হ’ব৷ মই বিনম্ৰতাৰে প্ৰহ্লাদভাই আৰু তেওঁৰ কাম-কাজক সন্মান প্ৰদান কৰিছো, তেওঁ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছো আৰু মা বহুচৰ সান্নিধ্যক প্ৰণিপাত জনাই মা ভাৰতীৰ সেৱা কৰা সকলোৰে চৰণ বন্ধ কৰি মোৰ বক্তব্য সামৰণি মাৰিছো৷
ভাৰত মাতা কী জয়!
জয় জয় গৰৱী গুজৰাট!
***
DS/LP/AK/IG/DB