প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বাবু জগজীৱন ৰাম জীৰ প্ৰতি তেওঁৰ জন্ম জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।
এটা টুইটত প্ৰধানমন্ত্ৰীয়ে কৈছে;
“বাবু জগজীৱন ৰাম জীৰ প্ৰতি তেওঁৰ জন্ম জয়ন্তীত শ্ৰদ্ধাঞ্জলি। আমাৰ দেশে সদায়ে তেওঁৰ স্মৰণীয় অৰিহণা মনত ৰাখিব সেয়া স্বাধীনতা সংগ্ৰামৰ সময়ৰে হওক বা স্বাধীনতাৰ পিছৰ হওক। তেওঁৰ প্ৰশাসনীয় দক্ষতা আৰু দুখীয়াক লৈ কৰা চিন্তাৰ বাবে তেওঁ বিস্তৃতভাৱে প্ৰিয়ভাজন আছিল।”
***
DS/SH
Tributes to Babu Jagjivan Ram Ji on his birth anniversary. Our nation will always remember his remarkable contribution be it during the freedom movement or after Independence. He was widely admired for his administrative skills and concern for thr poor. pic.twitter.com/y1Uw3kTEEE
— Narendra Modi (@narendramodi) April 5, 2022