Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

দেশত ক’ভিড-১৯ মহামাৰী পৰিস্থিতি আৰু টিকাকৰণ অভিযানৰ শেহতীয়া স্থিতি পর্যালোচনা কৰাৰ বাবে প্রধানমন্ত্রীৰ অধ্যক্ষতাত উচ্চ পর্যায়ৰ বৈঠ

দেশত ক’ভিড-১৯ মহামাৰী পৰিস্থিতি আৰু টিকাকৰণ অভিযানৰ শেহতীয়া স্থিতি পর্যালোচনা কৰাৰ বাবে প্রধানমন্ত্রীৰ অধ্যক্ষতাত উচ্চ পর্যায়ৰ বৈঠ


প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি দেশত অ’মিক্রন ঢৌৰ পৰিপ্রেক্ষিতত ক’ভিড-১৯ মহামাৰীজনিত পৰিস্থিতি আৰু টিকাকৰণ অভিযানৰ শেহতীয়া স্থিতি পর্যালোচনা কৰাৰ বাবে উচ্চ পর্যায়ৰ বৈঠকত অধ্যক্ষতা কৰে৷

বৈঠকত বিশ্বজোৰা পৰিস্থিতি আৰু ভাৰতৰ ক’ভিড-১৯ পৰিস্থিতি সম্পর্কে বিশদ তথ্য উপস্থাপন কৰা হয়। টিকাৰ প্রচাৰ অভিযানৰ ক্ষেত্রত দেশত চলাই থকা নিৰন্তৰ প্রয়াস আৰু শেহতীয়াকৈ হাস্পতালত কম ৰোগী ভর্তি, আক্রান্ত আৰু মৃত্যু হাৰ হ্রাস পোৱাত টিকাৰ কার্যকাৰিতাৰ বিষয়ক লৈ বিশ্লেষণ কৰা হয়। পর্যালোচনাত এই কথা স্পষ্ট হৈছে যে কেন্দ্রীয় চৰকাৰৰ নেতৃত্বত সক্রিয় আৰু সহযোগিতামূলক প্রয়াসত সংক্রমণৰ বিয়পি পৰা বাধা দিয়াত ফলপ্ৰসূ ব্যৱস্থাপনাই সহায় কৰিছে। উল্লেখ্য যে দেশত মহামাৰী মোকাবিলা আৰু টিকাকৰণৰ প্রয়াস বিশ্ব স্বাস্থ্য সংস্থা (হু), ৰাষ্ট্রসংঘ, আন্তর্জাতিক বিত্ত ভাণ্ডাৰ আৰু হার্ভার্ড বিজনেছ স্কুল এণ্ড ইনষ্টিটিউট ফৰ কম্পিটিটিভনেছৰ দৰে প্রতিষ্ঠানৰ প্রতিবেদনত প্রশংসা বুটলিবলৈ সক্ষম হৈছে।

প্রধানমন্ত্রীয়ে ভেকচিনেটৰ, স্বাস্থ্য কর্মী, কেন্দ্র আৰু ৰাজ্য চৰকাৰৰ নিৰন্তৰ প্রচেষ্টাৰ প্রশংসা কৰে৷ প্ৰধানমন্ত্ৰী মোদীয়ে ক’ভিড সম্পৰ্কীয় নিষেধাজ্ঞা অনুসৰণ কৰাৰ ওপৰত জোৰ দিয়ে। তেওঁ উপযুক্ত ক’ভিড আচৰণবিধি মানি চলা আৰু প্রতিগৰাকী যোগ্য ব্যক্তিক টিকা ল’বলৈ আৰু সম্প্রদায়ৰ নিৰন্তৰ সমর্থনৰ আহ্বান জনায়৷

বৈঠকত গৃহমন্ত্ৰী, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী আৰু ৰাজ্যিক মন্ত্রী তথা নীতি আয়োগৰ স্বাস্থ্য বিভাগৰ সদস্যসহ অন্যান্য উচ্চ পদস্থ বিষয়াসকল উপস্থিত থাকে৷

 

***

 

DS/SH/DB