Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

কাৰিয়াপ্পা গ্ৰাউণ্ডত এনচিচি পিএম ৰেলী সম্বোধন প্ৰধানমন্ত্ৰী

কাৰিয়াপ্পা গ্ৰাউণ্ডত এনচিচি পিএম ৰেলী সম্বোধন প্ৰধানমন্ত্ৰী


ধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কাৰিয়াপ্পা গ্ৰাউণ্ডত ৰাষ্ট্ৰীয় কেডেট কৰ্পছ ৰেলী সম্বোধন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে গাৰ্ড অৱ অনাৰ পৰিদৰ্শন, এনচিচি বাহিনীৰদ্বাৰা মাৰ্চ পাষ্ট আৰু লগতে এনচিচিৰ কেডেটসকলে প্ৰদৰ্শন কৰা সেনাৰ কাৰ্য্যকলাপ, স্লিটাৰিং, মাইক্ৰ’লাইট ফ্লায়িং, পেৰাছেইলিং তথা সাংস্কৃতিক কাৰ্য্যসূচী প্ৰত্যক্ষ কৰে। শ্ৰেষ্ঠ কেডেটসকলে প্ৰধানমন্ত্ৰীগৰাকীৰপৰা পদক আৰু বেটনো লাভ কৰে।

সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে দেশখনে আজাদী কা অমৃত মহোৎসৱ উদযাপনৰ সময়তে উদ্ভৱ হোৱা ভিন্ন ধৰণৰ উৎসাহৰ কথা উল্লেখ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে তেখেতৰ এনচিচি সংযোগক গৌৰৱেৰে স্মৰণ কৰে আৰু তেখেতক এনচিচি কেডেট হিচাপে ৰাষ্ট্ৰখনৰ প্ৰতি দায়িত্ব পালনত শক্তি প্ৰদানৰ বাবে প্ৰশিক্ষণক কৃতিত্ব প্ৰদান কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে লালা লাজপত ৰায় আৰু ফিল্ড মাৰ্শ্বাল কাৰিয়াপ্পালৈ ৰাষ্ট্ৰ নিৰ্মাণত আগবঢ়োৱা তেওঁলোকৰ অৱদানৰ বাবে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। আজি হৈছে ভাৰতৰ দুয়োজন বীৰ পুত্ৰৰ জয়ন্তী।

প্ৰধানমন্ত্ৰীগৰাকীয়ে দেশখনে নতুন সংকল্পৰে আগবাঢ়ি থকাৰ সময়তে দেশত এনচিচিক শক্তিশালীকৰণৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰাজি সম্পৰ্কে কয়। ইয়াৰ বাবে, দেশখনত এক উচ্চ-স্তৰীয় পৰ্য্যালোচনা কমিটি গঠন কৰা হৈছে। যোৱা দুবছৰত দেশখনৰ সীমান্ত অঞ্চলসমূহত ১ লাখ নতুন কেডেট সাজু কৰা হৈছে বুলি তেখেতে কয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কন্যা আৰু মহিলাসকলৰ বাবে প্ৰতিৰক্ষা প্ৰতিষ্ঠানসমূহৰ দুৱাৰ মুকলিৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰাজি সম্পৰ্কে কয়। তেখেতে বৃহৎ সংখ্যক ছোৱালী কেডেটৰ উপস্থিতিৰ কথা উল্লেখ আৰু ইয়াক ৰাষ্ট্ৰখনৰ পৰিৱৰ্তনশীল মনোভাৱৰ প্ৰতীক বুলি অভিহিত কৰে। “দেশক আপোনাসৱৰ অৱদানৰ প্ৰয়োজন আৰু তাৰ বাবে পৰ্য্যাপ্ত সুযোগ আছে”, তেখেতে ছোৱালী কেডেটসকলক এইদৰে কয়। তেখেতে কয়, এতিয়া দেশখনৰ কন্যাসকলে সৈনিক বিদ্যালয়সমূহত নামভৰ্তি কৰি আছে আৰু মহিলাসকলে সেনাবাহিনীত গুৰুত্বপূৰ্ণ দায়িত্ব লাভ কৰিছে। দেশখনৰ কন্যাসকলে বায়ু সেনাত যুঁজাৰু বিমান উৰুৱাই আছে। “এনে পৰিস্থিতিত, আমি অধিকসংখ্যক ছোৱালীক এনচিচিত অন্তৰ্ভুক্তকৰণৰ অৰ্থে প্ৰচেষ্টা গ্ৰহণ কৰা উচিত”, তেখেতে লগতে কয়।

এই শতিকাত বেছিভাগেই জন্ম গ্ৰহণ কৰা কেডেটসকলৰ ইয়ং প্ৰফাইলৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে দেশখনক ২০৪৭ লৈ লৈ যোৱাত তেওঁলোকৰ ভূমিকাৰ কথা উল্লেখ কৰে। “আপোনালোকৰ প্ৰচেষ্টা আৰু সংকল্প আৰু সেই সংকল্পসমূহৰ পূৰণ ভাৰতৰ সাফল্য আৰু সফলতা হ’ব”, তেখেতে কয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, যুৱপ্ৰজন্ম ৰাষ্ট্ৰ প্ৰথমৰ ভাৱনাৰে আগবাঢ়িবলৈ আৰম্ভ কৰা দেশখনক বিশ্বখনৰ কোনো শক্তিয়ে বাধা দিব নোৱাৰে। খেল পথাৰত ভাৰতৰ সফলতা আৰু ষ্টাৰ্টআপ ইক’স্ফেয়াৰে ইয়াৰ স্পষ্ট উদাহৰণ দাঙি ধৰিছে, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। আজিৰপৰা অহা ২৫ বছৰলৈ অমৃত কালত প্ৰধানমন্ত্ৰীগৰাকীয়ে কেডেটসকলক তেওঁলোকৰ আশা-আকাংক্ষা আৰু কাৰ্য্যকলাপক দেশখনৰ উন্নয়ন আৰু প্ৰত্যাশাৰ সৈতে একত্ৰিত কৰিবলৈ আহ্বান জনায়। প্ৰধানমন্ত্ৰীগৰাকীয়ে আজিৰ যুৱক-যুৱতীসকলে ‘ভকেল ফৰ লোকেল’ অভিযানটোত পালন কৰিবপৰা গুৰুত্বপূৰ্ণ ভূমিকাৰ কথাও উল্লেখ কৰে। “আজিৰ যুৱপ্ৰজন্মই কেৱল এজন ভাৰতীয়ৰ শ্ৰম আৰু ঘামেৰে সৃষ্ট সামগ্ৰীবোৰহে ব্যৱহাৰৰ সংকল্প গ্ৰহণ কৰা মাত্ৰেকে ভাৰতৰ ভাগ্য সলনি হ’ব পাৰে”, বুলি তেখেতে গুৰুত্ব আৰোপ কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে আজি এফালে ডিজিটেল প্ৰযুক্তি আৰু তথ্যৰে সম্পৰ্কীয় সু সম্ভাৱনা আছে, আনহাতে ভুল তথ্যৰ আশংকা আছে। তেখেতে গুৰুত্ব আৰোপ কৰি কয় যে আমাৰ দেশৰ সাধাৰণ জনতা কোনোধৰণৰ উৰাবাতৰিৰ চিকাৰ হোৱাটোও উচিত নহয়। তেখেতে এনচিচি কেডেটসকলে ইয়াৰ বাবে এটা সজাগতা অভিযান চলোৱাৰ প্ৰস্তাৱ জনায়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপ কৰি কয় যে এনচিচি বা এনএছএছ থকা বিদ্যালয়/মহাবিদ্যালয়সমূহক ড্ৰাগছে স্পৰ্শ কৰিব নালাগে। তেখেতে কেডেটসকলক নিজেকে ড্ৰাগছৰ পৰা মুক্ত কৰিবলৈ আৰু একে সময়তে তেওঁলোকৰ চৌহদসমূহক ড্ৰাগছৰপৰা মুক্ত কৰি ৰাখিবলৈ পৰামৰ্শ আগবঢ়ায়। এনচিচি-এনএছএছত নথকা বন্ধুসকলকো এই বেয়া অভ্যাস ত্যাগ কৰিবলৈ সহায় কৰক বুলি তেওঁ গুৰুত্ব আৰোপ কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কেডেটসকলক দেশখনৰ সামূহিক প্ৰচেষ্টাক নতুন শক্তি প্ৰদানৰ বাবে কাম কৰি অহা চেল্ফ4চচাইটি পৰ্টেলৰে জড়িত হ’বলৈ কয়। উল্লেখ্য যে ৭ হাজাৰোধিক সংগঠন আৰু ২.২৫ লাখ লোক পৰ্টেলটোৰে জড়িত।

 

***

DS/AK/SB