Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীয়ে ১২ জানুৱাৰীত তামিলনাডুত ১১খন মেডিকেল কলেজ আৰু চেণ্ট্ৰেল ইনষ্টিটিউট অৱ ক্লাচিকেল তামিলৰ নতুন কেম্পাছ মুকলি কৰি


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১২ জানুৱাৰীৰ বিয়লি ৪বজাত ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে তামিলনাডুত ১১খন মেডিকেল কলেজ আৰু চেণ্ট্ৰেল ইনষ্টিটিউট অৱ ক্লাচিকেল তামিলৰ নতুন কেম্পাছ মুকলি কৰিব।

নতুন মেডিকেল কলেজ কেইখন প্ৰায় ৪০০০ কোটিৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ’ব। এই ব্যয়ৰ প্ৰায় ২১৪৫ কোটি কেন্দ্ৰীয় চৰকাৰে আৰু অৱশিষ্টখিনি তামিলনাডু চৰকাৰে ব্যয় কৰিব। দেশজুৰি সহজলভ্য মেডিকেল শিক্ষাৰ প্ৰসাৰ আৰু স্বাস্থ্য আন্তঃগাথনি উন্নত কৰিবলৈ প্ৰধানমন্ত্ৰীৰ অবিৰত প্ৰচেষ্টাৰ অংশস্বৰূপে এই নতুন মেডিকেল কলেজসমূহ নিৰ্মাণ কৰা হ’ব। নতুন মেডিকেল কলেজসমূহৰ মুঠ আসনৰ সংখ্যা হ’ল ১৪৫০খন।

ভাৰতীয় ঐতিহ্যৰ সংৰক্ষণ আৰু সুৰক্ষা তথা ক্লাছিকেল ভাষাৰ প্ৰসাৰক লৈ প্ৰধানমন্ত্ৰীৰ দৃষ্টিৰ প্ৰতি লক্ষ্য ৰাখি চেন্নাইত চেণ্ট্ৰেল ইনষ্টিটিউট অৱ ক্লাচিকেল তামিলৰ নতুন চৌহদ মুকলি কৰা হ’ব। নতুন চৌহদ কেন্দ্ৰীয় চৰকাৰৰ সম্পূৰ্ণ পৃষ্ঠপোষকতাত নিৰ্মাণ কৰা হ’ব আৰু ইয়াৰ নিৰ্মাণ মূল্য হ’ল মুঠ ২৪কোটি। নতুন চৌহদত এটা বিশেষ পুঁথিভৰাল, ই-পুঁথিভৰাল, ছেমিনাৰ হল আৰু মাল্টিমিডিয়া হলৰ সুবিধা থাকিব।

 

***

DS/AKJ/MS