মোৰ প্ৰিয় দেশবাসী, আপোনালোক আটাইকে বৰদিনৰ শুভেচ্ছা জনালো! আমি এই বৰ্ষৰ অন্তিম সপ্তাহত আছো। ২০২২ দুৱাৰদলিত। আপোনালোক সকলোৱে ২০২২ ক আদৰণি জনাবলৈ প্ৰস্তুতিত ব্যস্ত। কিন্তু উৎসাহ আৰু আনন্দৰ লগতে, এয়া সাৱধান হোৱাৰো সময়।
আজি ক’ৰোনাৰ নতুন প্ৰকাৰ অ’মিক্ৰনৰ বাবে পৃথিৱীখনৰ বহু দেশত সংক্ৰমণ বিয়পি পৰিছে। ভাৰততো, বহুলোক অ’মিক্ৰনৰদ্বাৰা সংক্ৰমিত হোৱা দেখা গৈছে। মই আপোনালোক আটাইকে আতংকিত নহ’বলৈ অনুৰোধ জনাইছো, কিন্তু সাৱধান আৰু সতৰ্ক হ’ব। আমি মাস্ক পৰিধান আৰু নিয়মীয়াকৈ হাত চেনিটাইজ কৰিবলৈ পাহৰিব নালাগে।
ভাইৰাছটো পৰিৱৰ্তিত হোৱাৰ লগে-লগে, প্ৰত্যাহ্বানটোৰে সন্মুখীন হ’বলৈ আমাৰ শক্তি আৰু আত্মবিশ্বাসো বৃদ্ধি পাইছে। আমাৰ উদ্ভাৱনীমূলক উদ্দীপনাও বাঢ়ি আহিছে। আজি দেশখনত ১৮ লাখ আইছ’লেটেড বিচনা, পাঁচ লাখ অক্সিজেন-সমৰ্থিত বিচনা আৰু ১.৪০ লাখ আইচিইউ বিচনা আছে। আইচিইউ আৰু অনা-আইচিইউ বিচনা একত্ৰিত কৰিলে, ৯০,০০০ বিচনা কেৱল শিশুৰ বাবে। আজি দেশখনত ৩,০০০ ৰোধিক পিএছএ অক্সিজেন প্ৰকল্প কাৰ্য্যক্ষম হৈ আছে। সমগ্ৰ দেশখনতে প্ৰায় চাৰি লাখ অক্সিজেন চিলিণ্ডাৰ বিতৰণ কৰা হৈছে। ৰাজ্যসমূহক অত্যাৱশ্যকীয় ঔষধৰ বাফাৰ ড’জ প্ৰস্তুতকৰণত সহায় কৰা হৈছে। এইসমূহক পৰ্য্যাপ্ত টেষ্টিং কিটো প্ৰদান কৰা হৈছে।
বন্ধুসকল,
এতিয়ালৈকে বৈশ্বিক মহামাৰীটোৰ বিৰুদ্ধে যুঁজৰ অভিজ্ঞতাই দেখুৱাইছে যে ব্যক্তিগত পৰ্য্যায়ত সকলো নীতি-নিৰ্দেশনাৰ অনুসৰণ ক’ৰোনাক প্ৰতিহত কৰিবলৈ এক পৰম অস্ত্ৰ। আৰু দ্বিতীয় অস্ত্ৰটো হ’ল টীকাকৰণ। এই ৰোগৰ গুৰুত্ব অনুধাৱন কৰি, আমাৰ দেশে বহু পূৰ্বেই মিছন ম’ডত ভেকছিন প্ৰস্তুতৰ কাম আৰম্ভ কৰিছিল। ভেকছিনৰ ওপৰত গৱেষণাৰ লগতে, আমি অনুমোদন প্ৰক্ৰিয়া, যোগান শৃংখল, বিতৰণ, প্ৰশিক্ষণ, তথ্য প্ৰযুক্তি সমৰ্থন প্ৰণালী আৰু প্ৰমাণপত্ৰৰ ওপৰতো সমান্তৰালভাৱে কাম কৰিছিলো।
এই প্ৰস্তুতিৰ ফলস্বৰূপে, ভাৰতে এই বৰ্ষৰ ১৬ জানুৱাৰীৰপৰা ইয়াৰ নাগৰিকসকলৰ টীকাকৰণ আৰম্ভ কৰে। দেশখনৰ সকলো নাগৰিকৰ সামূহিক প্ৰচেষ্টা আৰু ইচ্ছা শক্তিৰ বলত আজি ভাৰতে ১৪১ নিযুত ভেকছিন পালিৰ অভূতপূৰ্ব আৰু অতি কঠিন লক্ষ্য অতিক্ৰম কৰিছে।
আজি, ভাৰতৰ প্ৰাপ্তবয়স্ক জনসংখ্যাৰ ৬১ শতাংশৰোধিকে ভেকছিনৰ দুয়োটা পালি লাভ কৰিছে। একেদৰে, প্ৰাপ্তবয়স্ক লোকৰ প্ৰায় ৯০ শতাংশক এটা পালি প্ৰদান কৰা হৈছে। আমি বিশ্বখনৰ সৰ্ববৃহৎ, অতিশয় বিস্তৃত আৰু কঠিন ভৌগোলিক পৰিস্থিতিৰ মাজত এনে এক সুৰক্ষিত টীকাকৰণ অভিযান আৰম্ভ কৰাক লৈ আজি প্ৰতিজন ভাৰতীয়ই গৌৰৱ কৰা উচিত।
পৰ্যটনৰ প্ৰতি লক্ষ্য ৰাখি বহুতো ৰাজ্য আৰু বিশেষকৈ গোৱা, উত্তৰাখণ্ড আৰু হিমাচলৰ দৰে গুৰুত্বপূৰ্ণ ৰাজ্যই ১০০% একক পালি টীকাকৰণৰ লক্ষ্যত উপনীত হৈছে। দেশখনৰ প্ৰত্যন্ত গাওঁসমূহৰপৰা অহা ১০০% টীকাকৰণৰ বাতৰিয়ে এক সন্তুষ্টিৰ অনুভূতি প্ৰদান কৰে।
এয়া হৈছে আমাৰ স্বাস্থ্য ব্যৱস্থা আৰু টীম ডেলিভাৰীৰ শক্তি, আমাৰ স্বাস্থ্যসেৱা কৰ্মীসকলৰ নিষ্ঠা আৰু অংগীকাৰ আৰু নিয়মানুৱৰ্তিতা আৰু বিজ্ঞানৰ প্ৰতি দেশখনৰ সাধাৰণ লোকৰ আস্থাৰ প্ৰমাণ। নাছাল ভেকছিন আৰু বিশ্বখনৰ প্ৰথম ডিএনএ ভেকছিন অতি সোনকালেই আমাৰ দেশত মুকলি কৰা হ’ব।
বন্ধুসকল,
ক’ৰোনাৰ বিৰুদ্ধে ভাৰতৰ যুঁজ আৰম্ভণিৰে পৰাই বৈজ্ঞানিক নীতি, বৈজ্ঞানিক অভিমত আৰু বৈজ্ঞানিক পদ্ধতিৰ ওপৰত আধাৰিত হৈ আহিছে। যোৱা ১১ মাহ ধৰি দেশখনত টীকাকৰণ অভিযান অব্যাহত আছে। দেশবাসীয়েও ইয়াৰ লাভা-লাভ উপলব্ধি কৰিছে। তেওঁলোকৰ দৈনন্দিন জীৱন স্বাভাৱিক হৈ পৰিছে। বিশ্বখনৰ বহু দেশৰ তুলনাত অৰ্থনৈতিক কাৰ্যকলাপো উৎসাহজনক।
কিন্তু বন্ধুসকল,
আমি আটায়ে জানো যে ক’ৰোনা এতিয়াও শেষ হোৱা নাই। সেয়েহে, সতৰ্কতা অতিশয় গুৰুত্বপূৰ্ণ। দেশখন আৰু দেশবাসীক সুৰক্ষিত ৰাখিবলৈ আমি অক্লান্ত পৰিশ্ৰম কৰিছো। টীকাকৰণ অভিযানটো আৰম্ভ কৰোতে বৈজ্ঞানিক পৰামৰ্শৰ ওপৰত ভিত্তি কৰি কাক প্ৰথম পালি প্ৰদান কৰিব লাগে, প্ৰথম আৰু দ্বিতীয়টো পালিৰ মাজৰ ব্যৱধান কিমান হ’ব লাগে, কেতিয়া সুস্থ লোকসকক টীকাকৰণ কৰিব লাগে, কেতিয়া ক’ৰোনা সংক্ৰমিত লোকসকলে ভেকছিন গ্ৰহণ কৰিব লাগে আৰু কেতিয়া সহ-ৰোগত ভুগি থকাসকলক টীকাকৰণ কৰিব লাগে সেই সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। এনে ধৰণৰ সিদ্ধান্ত ধাৰাবাহিকভাৱে গ্ৰহণ কৰা হৈছিল আৰু এইসমূহ পৰিস্থিতিটো চম্ভালিবলৈ যথেষ্ট সহায়ক হিচাপে প্ৰমাণিত হৈছে। ভাৰতে ভাৰতীয় বিজ্ঞানীসকলৰ পৰামৰ্শ আৰু ইয়াৰ পৰিস্থিতি অনুসৰি ইয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
বৰ্তমানে, অ’মিক্ৰনৰ বাতৰি লাভ কৰা হৈছে। বিশ্বখনত ভিন্ন অভিজ্ঞতা আৰু মূল্যায়ন হৈছে। ভাৰতীয় বিজ্ঞানীসকলেও ইয়াৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে আৰু ইয়াৰ ওপৰত কাম কৰি আছে। আমাৰ টীকাকৰণ অভিযানৰ আৰম্ভণিৰ এঘাৰ মাহ পাৰ হৈ গ’ল। আজি, বিজ্ঞানীসকলে বিশ্বখনৰ অভিজ্ঞতাৰ পৰিপ্ৰেক্ষিতত পৰিস্থিতিটো পৰ্য্যালোচনাৰ পিছত কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আজি অটল জীৰ জন্মদিন, বৰদিন উৎসৱ, সেয়েহে মই এই সিদ্ধান্ত আপোনালোক সকলোৰে সৈতে আদান-প্ৰদান কৰা উচিত বুলি অনুভৱ কৰিছো।
বন্ধুসকল,
এতিয়া দেশখনৰ ১৫ ৰপৰা ১৮ বছৰ বয়সৰ ল’ৰা-ছোৱালীক টীকাকৰণ কৰা হ’ব। ইয়াৰ ২০২২ ৰ ৩ জানুৱাৰী অৰ্থাৎ সোমবাৰে শুভাৰম্ভ হ’ব। এই সিদ্ধান্তই কেৱল ক’ৰোনাৰ বিৰুদ্ধে দেশৰ যুঁজখন সুদৃঢ়কৰণেই নহয় লগতে আমাৰ ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয় আৰু মহাবিদ্যালয়লৈ যোৱা আৰু তেওঁলোকৰ অভিভাৱকসকলৰ উদ্বেগো হ্ৰাস কৰিব।
বন্ধুসকল,
এই যুঁজত দেশখনক সুৰক্ষিত কৰি ৰখাত ক’ৰোনা যোদ্ধা, স্বাস্থ্যসেৱা আৰু ফ্ৰণ্টলাইন কৰ্মীসকলৰ এক বৃহৎ অৱদান আগবঢ়োৱাটো আমি আটায়ে প্ৰত্যক্ষ কৰিছো। তেওঁলোকে এতিয়াও তেওঁলোকৰ বেছিভাগ সময় ক’ৰোনাত আক্ৰান্ত ৰোগীসকলক সেৱা আগবঢ়োৱাত ব্যস্ত থাকে। সেয়েহে, সাৱধানতাৰ দিশৰপৰা, স্বাস্থ্যসেৱা আৰু ফ্ৰণ্টলাইন কৰ্মীসকলৰ বাবে ভেকছিনৰ ‘সাৱধানতা পালি’ (precaution dose) আৰম্ভ কৰাৰো সিদ্ধান্ত চৰকাৰখনে গ্ৰহণ কৰিছে। ইয়াৰ ২০২২ ৰ ১০ জানুৱাৰী অৰ্থাৎ সোমবাৰে শুভাৰম্ভ হ’ব।
বন্ধুসকল,
এতিয়ালৈকে ক’ৰোনা টীকাকৰণৰ অভিজ্ঞতা এয়ে যে যিসকল বয়সস্থ আৰু ইতিমধ্যে কেতবোৰ গুৰুতৰ ৰোগত ভুগি আছে, তেওঁলোকক ‘সাৱধানতা পালি’ গ্ৰহণ কৰা উচিত। এইকথা অনুধাৱনেৰে, ৬০ বছৰ বয়স উৰ্ধ আৰু সহ-ৰোগ থকা নাগৰিকসকলে তেওঁলোকৰ চিকিৎসকৰ পৰামৰ্শ অনুসৰি ভেকছিনটোৰ ‘সাৱধানতা পালি’ লাভৰ বিকল্প থাকিব। ইয়াৰো ১০ জানুৱাৰীৰপৰা শুভাৰম্ভ হ’ব।
বন্ধুসকল,
মই আপোসৱক উৰাবাতৰি, বিভ্ৰান্তি আৰু ভীতি সৃষ্টিৰ বাবে অব্যাহত থকা প্ৰচেষ্টা পৰিহাৰ কৰিবলৈ অনুৰোধ জনাইছো। আমি একেলগে এতিয়ালৈকে বিশ্বখনৰ সৰ্ববৃহৎ টীকাকৰণ অভিযান আৰম্ভ কৰিছো। আহিবলগীয়া সময়ত, আমি ইয়াক ক্ষীপ্ৰ আৰু ইয়াক সম্প্ৰসাৰিত কৰিব লাগিব। ক’ৰোনাৰ বিৰুদ্ধে এই যুঁজত আমাৰ আটাইৰে প্ৰচেষ্টাই দেশখনক শক্তিশালী কৰিব।
আপোনালোক সকলোকে বহু-বহু ধন্যবাদ জনালো!
***
DS/AKJ/SB
My address to the nation. https://t.co/dBQKvHXPtv
— Narendra Modi (@narendramodi) December 25, 2021
भारत में भी कई लोगों के ओमीक्रॉन से संक्रमित होने का पता चला है।
— PMO India (@PMOIndia) December 25, 2021
मैं आप सभी से आग्रह करूंगा कि panic नहीं करें सावधान और सतर्क रहें।
मास्क और हाथों को थोड़ी-थोड़ी देर पर धुलना, इन बातों को याद रखें: PM @narendramodi
कोरोना वैश्विक महामारी से लड़ाई का अब तक का अनुभव यही बताता है कि व्यक्तिगत स्तर पर सभी दिशानिर्देशों का पालन, कोरोना से मुकाबले का बहुत बड़ा हथियार है।
— PMO India (@PMOIndia) December 25, 2021
और दूसरा हथियार है वैक्सिनेशन: PM @narendramodi
भारत ने इस साल 16 जनवरी से अपने नागरिकों को वैक्सीन देना शुरू कर दिया था।
— PMO India (@PMOIndia) December 25, 2021
ये देश के सभी नागरिकों का सामूहिक प्रयास और सामूहिक इच्छाशक्ति है कि आज भारत 141 करोड़ वैक्सीन डोज के अभूतपूर्व और बहुत मुश्किल लक्ष्य को पार कर चुका है: PM @narendramodi
आज भारत की वयस्क जनसंख्या में से 61 प्रतिशत से ज्यादा जनसंख्या को वैक्सीन की दोनों डोज लग चुकी है।
— PMO India (@PMOIndia) December 25, 2021
इसी तरह, वयस्क जनसंख्या में से लगभग 90 प्रतिशत लोगों को वैक्सीन की एक डोज लगाई जा चुकी है: PM @narendramodi
15 साल से 18 साल की आयु के बीच के जो बच्चे हैं, अब उनके लिए देश में वैक्सीनेशन प्रारंभ होगा।
— PMO India (@PMOIndia) December 25, 2021
2022 में, 3 जनवरी को, सोमवार के दिन से इसकी शुरुआत की जाएगी: PM @narendramodi
हम सबका अनुभव है कि जो कॉरोना वॉरियर्स हैं, हेल्थकेयर और फ्रंटलाइन वर्कर्स हैं, इस लड़ाई में देश को सुरक्षित रखने में उनका बहुत बड़ा योगदान है।
— PMO India (@PMOIndia) December 25, 2021
वो आज भी कोरोना के मरीजों की सेवा में अपना बहुत समय बिताते हैं: PM @narendramodi
इसलिए Precaution की दृष्टि से सरकार ने निर्णय लिया है कि हेल्थकेयर और फ्रंटलाइन वर्कर्स को वैक्सीन की Precaution Dose भी प्रारंभ की जाएगी।
— PMO India (@PMOIndia) December 25, 2021
इसकी शुरुआत 2022 में, 10 जनवरी, सोमवार के दिन से की जाएगी: PM @narendramodi
60 वर्ष से ऊपर की आयु के कॉ-मॉरबिडिटी वाले नागरिकों को, उनके डॉक्टर की सलाह पर वैक्सीन की Precaution Dose का विकल्प उनके लिए भी उपलब्ध होगा।
— PMO India (@PMOIndia) December 25, 2021
ये भी 10 जनवरी से उपलब्ध होगा: PM @narendramodi