মোৰ প্রিয় দেশবাসী, নমস্কাৰ!
আজি দেৱ দীপাৱলিৰ পৱিত্র উৎসৱ। সেয়ে আজি গুৰুনানক দেৱজীৰ পৱিত্র পূণ্য প্রকাশ পৰব। মই সমগ্ৰ পৃথিৱীত সিঁচৰতি হৈ থকা সমস্ত দেশবাসীক এই পৱিত্র উৎসৱৰ আন্তৰিক শুভকামনা জনাইছো। এইটোও অত্যন্ত সুখকৰ যে দেৰ বছৰ বন্ধ থকাৰ পিছত কর্তাৰপুৰ চাহিব কৰিডৰ আকৌ মুকলি হৈছে।
বন্ধুসকল,
গুৰুনানকজীয়ে কৈছিল –
“ৱিচ্চ দুনিয়া সেও কমাইয়ে তা দৰগাহ বৈসন পাইয়ে”
অর্থাৎ, পৃথিৱীত সেৱাৰ পথ বাছি ল’লেই জীৱন সফল হয়। আমাৰ চৰকাৰ এই সেৱা ভাবনা লৈয়েই দেশবাসীৰ জীৱন সহজ কৰি তোলাৰ কামত নিয়োজিত। নাজানো কিমান প্রজন্মৰ স্বপ্নৰাজি বাস্তবায়নৰ অপেক্ষাত আছিল। ভাৰতে আজি এই স্বপ্নৰাজি বাস্তবায়নৰ আপ্রাণ চেষ্টা কৰিছে।
বন্ধুসকল,
মোৰ পাঁচ দশকৰ ৰাজহুৱা জীৱনত মই কৃষকসকলৰ সমস্যাসমূহক, তেওঁলোকৰ বিভিন্ন প্রতিকূলতাক অত্যন্ত ঘনিষ্ঠভাৱে দেখিছো, অনুভৱ কৰিছো। সেয়ে যেতিয়া দেশে মোক ২০১৪ চনত প্রধানমন্ত্রী ৰূপে সেৱা কৰাৰ সুযোগ দিয়ে, তেতিয়া মই কৃষি বিকাশ, কৃষক কল্যাণক সর্বোচ্চ অগ্রাধিকাৰ দিছো।
বন্ধুসকল,
এই সত্য সম্পর্কে অনেকেই নাজানে যে দেশৰ প্রতি ১০০জনৰ ভিতৰত ৮০জন কৃষকেই ক্ষুদ্র কৃষক। তেওঁলোকৰ ওচৰত ২ হেক্টৰৰো কম মাটি আছে। আপোনালোকে কল্পনা কৰিব পাৰে যে এই ক্ষুদ্র কৃষকসকলৰ সংখ্যা ১০ কোটিৰো অধিক! তেওঁলোকৰ সম্পূর্ণ জীৱনৰ সম্বল এই ক্ষুদ্ৰ মাটি টুকুৰা। এইটোৱেই তেওঁলোকৰ জীৱন আৰু এই ক্ষুদ্ৰ মাটি টুকুৰাকে সম্বল কৰিয়েই তেওঁলোকে নিজৰ আৰু পৰিয়ালৰ জীৱন নির্বাহ কৰে। প্রজন্মৰ পৰা প্রজন্মান্তৰে পৰিয়ালৰ ভিতৰতে এই সম্পত্তিৰ বিভাজনে এই মাটিৰ টুকুৰাক আৰু সৰু কৰি দিছে।
সেয়ে দেশৰ ক্ষুদ্র কৃষকসকলৰ প্রতিকূলতাবিলাক দূৰ কৰাৰ বাবে আমি বীজ, বীমা, বজাৰ আৰু সঞ্চয় – এই সকলো ক্ষেত্রত চতুর্মুখী কাম কৰিছো। চৰকাৰে উন্নতমানৰ বীজৰ সমান্তৰালকৈ কৃষকসকলক নিম আচ্ছাদিত ইউৰিয়া, মৃত্তিকা স্বাস্থ্য কার্ড, ক্ষুদ্র সিঞ্চন প্রকল্পৰ দৰে পৰিসেৱাৰ সৈতে যুক্ত কৰিছে। আমি ২২ কোটি মৃত্তিকা স্বাস্থ্য কার্ড কৃষকসকলক দিছো আৰু এই বৈজ্ঞানিক অভিযানৰ ফলত কৃষিৰ ফলনো বৃদ্ধি পাইছে।
বন্ধুসকল,
আমি ফচল বীমা যোজনাক অধিক কার্যকৰী কৰি তুলিছো। তাৰ পৰিধিত আৰু বহু অধিক কৃষকক অন্তর্ভুক্ত কৰিছো। বিপর্যয়ৰ সময়ত অধিকাংশ কৃষকে যাতে সহজেই ৰেহাই পাব পাৰে, তাৰবাবেও পুৰণা নিয়ম বদলাইছো। ইয়াৰ ফলত, বিগত চাৰি বছৰত ১ লাখ কোটি টকাৰো অধিক ভর্তুকি আমাৰ কৃষক ভাই-ভনীসকলে পাইছে। আমি ক্ষুদ্র কৃষক আৰু কৃষিত কর্মৰত শ্রমিকসকলৰ বীমা আৰু পেন্সনৰ সুবিধাও আৰম্ভ কৰিছো। ক্ষুদ্র কৃষকসকলৰ প্রয়োজনসমূহ পূৰাবৰ বাবে পোনপটীয়াকৈ তেওঁলোকৰ বেঙ্ক একাউন্টত ১ লাখ ৬২ হাজাৰ কোটি টকা জমা কৰিছো, পোনপটীয়াকৈ তেওঁলোকৰ বেঙ্ক একাউন্টত।
বন্ধুসকল,
কৃষকসকলে যাতে তেওঁলোকৰ পৰিশ্রমৰ বিনিময়ত উৎপন্ন ফচলৰ সঠিক দাম পায় সেয়া সুনিশ্চিত কৰিবলৈ অনেক পদক্ষেপ লোৱা হৈছে। দেশে তাৰ গ্রামীণ বজাৰ পৰিকাঠামোক শক্তিশালী কৰিছে। আমি ন্যূনতম সহায়ক মূল্য বঢ়াইছো। সমান্তৰালকৈ, ৰেকর্ড পৰিমাণ চৰকাৰী ক্রয়কেন্দ্রও প্ৰস্তুত কৰিছো। আমাৰ চৰকাৰে ন্যূনতম সহায়ক মূল্যত ফচল কিনাৰ কেইবা দশকৰ ৰেকর্ড ভাঙি দিছে। দেশৰ এক হাজাৰৰো বেছি মান্ডিক ‘ই-নেম’ প্রকল্পৰ সৈতে যুক্ত কৰি আমি কৃষকসকলক যিকোনো ঠাইতে, যিকোনো লোকক উৎপাদিত ফচল বিক্রীৰ এখন মঞ্চ দিছো আৰু ইয়াৰ লগে লগে সমগ্ৰ দেশৰ কৃষি মান্ডিবিলাকৰ আধুনিকীকৰণ খাতাত আমি কোটি কোটি টকা খৰচ কৰিছো।
বন্ধুসকল,
আজি কেন্দ্রীয় চৰকাৰৰ কৃষি বাজেট আগৰ তুলনাত পাঁচগুণ বৃদ্ধি পাইছে। প্রত্যেক বছৰ ১ লাখ ২৫ হাজাৰ কোটি টকাৰো অধিক কৃষিত খৰচ কৰা হৈছে। ১ লাখ কোটি টকাৰ কৃষি পৰিকাঠামো তহবিলৰ মাধ্যমত গাঁও আৰু কৃষিক্ষেত্রৰ ওচৰাওচৰিকৈ গুদামজাতকৰণৰ ব্যৱস্থা, কৃষি সৰঞ্জামৰ দৰে অনেক পৰিসেৱাৰ বিস্তাৰ – এই সমস্ত কাম দ্রুতগতিত আগবাঢ়ি গৈছে।
ক্ষুদ্র কৃষকসকলৰ ক্ষমতা বৃদ্ধিৰ বাবে ১০ হাজাৰ এফপিও বা কৃষক উৎপাদক সংগঠন গঢ়ি তোলাৰ অভিযানো আৰম্ভ হৈছে। এই ক্ষেত্রতো প্রায় সাত হাজাৰ কোটি টকা খৰচ কৰা হৈছে। ক্ষুদ্র সিঞ্চন তহবিল খাতাত ব্যয় দ্বিগুণ কৰি ১০ হাজাৰ কোটি টকা কৰি দিয়া হৈছে। আমি কৃষিঋণো দ্বিগুণ কৰিছো যি এই বছৰ ১৬ লাখ কোটি টকাৰ মাত্রা স্পর্শ কৰিব। এতিয়া পশুপালকসকলৰ আৰু মৎস্যপালকৰ সৈতে যুক্ত আমাৰ কৃষকসকলো কিষাণ ক্রেডিট কার্ডৰ মাধ্যমত লাভবান হৈছে। অর্থাৎ, আমাৰ চৰকাৰে কৃষকসকলৰ কল্যাণত সকলোধৰণৰ সম্ভাব্য পদক্ষেপ গ্ৰহণ কৰিছে। ক্রমাগত এটাৰ পিছত এটা নতুন পদক্ষেপ লৈছে। কৃষকসকলৰ অর্থনৈতিক উন্নয়ন কৰিবলৈ, তেওঁলোকৰ সামাজিক অৱস্থা মজবুত কৰিবলৈ সম্পূর্ণ সততাৰে কাম কৰি গৈছে।
বন্ধুসকল,
কৃষকসকলৰ আর্থিক অৱস্থা উন্নত কৰাৰ এই মহাঅভিযানত দেশত তিনিখন কৃষি আইন অনা হৈছিল। উদ্দেশ্য আছিল, দেশৰ কৃষকসকলৰ, বিশেষকৈ ক্ষুদ্র কৃষকসকলৰ অধিক ক্ষমতা বৃদ্ধি কৰা, যাতে তেওঁলোকে নিজৰ উৎপাদিত ফচলৰ সঠিক দাম পায় আৰু সেই ফচল বিক্রীৰ বাবে অধিক বিকল্প পায়। বহু বছৰ ধৰি এই দাবী দেশৰ কৃষক, দেশৰ কৃষি বিশেষজ্ঞ, দেশৰ কৃষি অর্থনীতিবিদ, দেশৰ কৃষক সংগঠনসমূহে ক্রমাগত জনাই আহিছিল। আগতেও বহু চৰকাৰে এই বিষয়ত আলাপ-আলোচনা কৰিছে। এইবাৰো সংসদত আলাপ-আলোচনা হৈছে, চিন্তা-মন্থন হৈছে আৰু এই আইন প্রণয়ন কৰা হৈছে। দেশৰ কোণে কোণে কোটি কোটি কৃষক, অনেক কৃষক সংগঠনে ইয়াক আদৰণি জনাইছে, সমর্থন জনাইছে। মই আজি তেওঁলোক সকলোৰে ওচৰত অনেক অনেক কৃতজ্ঞ, তেওঁলোকক ধন্যবাদ জনাব বিচাৰো।
বন্ধুসকল,
আমাৰ চৰকাৰে কৃষকসকলৰ কল্যাণৰ বাবে, বিশেষকৈ ক্ষুদ্র কৃষকসকলৰ কল্যাণৰ বাবে, দেশৰ কৃষি জগতৰ কল্যাণৰ বাবে, দেশৰ কল্যাণৰ বাবে, গাঁও-গৰীবৰ উজ্জ্বল ভবিষ্যতৰ বাবে সম্পূর্ণ সত্যনিষ্ঠাৰে কৃষকসকলৰ প্রতি পূর্ণ সমর্পণভাব লৈ, সৎ মনোভাব লৈ এই আইনবিলাক প্রণয়ন কৰিছিলো। কিন্তু, এই পৱিত্র ভাবনা, পূর্ণ ৰূপত শুদ্ধ, কৃষকসকলৰ কল্যাণৰ কথা, আমি চেষ্টা কৰিও একো কথা কৃষকক বুজাব নোৱাৰিলো।
যদিও কৃষকসকলৰ এটা অংশই ইয়াৰ বিৰোধিতা কৰিছিল, কিন্তু তথাপিও ই আমাৰ বাবে অত্যন্ত গুৰুত্বপূর্ণ আছিল। কৃষি অর্থনীতিবিদসকল, বৈজ্ঞানিকসকল, প্রগতিশীল কৃষকসকলেও তেওঁলোকক এই কৃষি আইনকেইখনৰ গুৰুত্ব সম্পর্কে বুজোৱাৰ আপ্রাণ চেষ্টা কৰিছে। আমি সম্পূর্ণ বিনম্রতাৰে, খোলা মনেৰে কৃষকসকলক বুজোৱাৰ চেষ্টা কৰি গৈছো। অনেক মাধ্যমত, ব্যক্তিগত আৰু সামগ্রিক আলাপ-আলোচনাও ক্রমাগত জাৰি আছিল। আমি কৃষকসকলৰ সৈতে কথা পতা, তেওঁলোকৰ যুক্তিবিলাক বুজাৰ বাবে কোনো চেষ্টাৰ ত্রুটি ৰখা নাই।
এই আইন তিনিখনৰ যি অংশ সম্পর্কে তেওঁলোকৰ আপত্তি আছিল চৰকাৰ সেইবিলাক পৰিবর্তনৰ বাবেও প্রস্তুত আছিল। দুবছৰ পর্যন্ত আমি এই আইনকেইখনক মুলতবী ৰখাৰ প্রস্তাবো ৰাখিছিলো। এই সময়ৰ ভিতৰত বিষয়টো মাননীয় সর্বোচ্চ ন্যায়ালয়ৰ ওচৰলৈও গুছি যায়। এই সকলো তথ্য দেশৰ সন্মুখত আছে। সেয়ে মই এই বিষয়ত আৰু বিস্তাৰিত ক’ব নোখোজো।
বন্ধুসকল,
মই আজি দেশবাসীৰ ওচৰত ক্ষমা প্রার্থনা কৰি, শুদ্ধ মনেৰে আৰু পৱিত্র হৃদয়েৰে ক’ব খোজো যে হয়তো আমাৰ তপস্যাতেই কিছু ত্রুটি ৰৈ গৈছিল যাৰবাবে প্রদীপৰ আলোৰ দৰে সত্য কৃষক ভাইসকলক আমি বুজাব নোৱাৰিলো।
আজি গুৰুনানক দেৱজীৰ পৱিত্র প্রকাশ পৰব জন্মদিন। এই দিনটো কাকো দোষাৰোপ কৰাৰ দিন নহয়। আজি মই আপোনালোকক, সম্পূর্ণ দেশক এই কথা ক’বলৈ আহিছো যে আমি তিনিওখন কৃষি আইন ওভতাই লোৱাৰ, ৰিপিল কৰাৰ সিদ্ধান্ত লৈছো। এই মাহৰ শেষত সংসদৰ যি অধিবেশন আৰম্ভ হ’বলৈ গৈছে, সেই অধিবেশনত আমি এই তিনিওখন কৃষি আইনক ৰিপিল কৰাৰ সাংবিধানিক প্রক্রিয়া সম্পূর্ণ কৰিম।
বন্ধুসকল,
মই আজি আমাৰ সমস্ত আন্দোলনৰত কৃষক বন্ধুসকলক অনুৰোধ জনাওঁ যে আজি গুৰু পৰবৰ পৱিত্র দিন। এতিয়া আপোনালোক নিজৰ নিজৰ ঘৰলৈ ঘুৰি যাওক, নিজৰ নিজৰ কৃষিক্ষেত্রলৈ উভতি যাওক, নিজৰ পৰিয়ালৰ মানুহৰ ওচৰলৈ যাওক। আহক, এটা নতুন সূচনা কৰো। নতুনকৈ আগুৱাই যাওঁ।
বন্ধুসকল,
আজি এই চৰকাৰে কৃষিক্ষেত্রৰ সৈতে যুক্ত আৰু এটা গুৰুত্বপূর্ণ সিদ্ধান্ত লৈছে। জিৰো বাজেট খেতি, অর্থাৎ প্রাকৃতিক খেতিক উৎসাহ প্রদানৰ বাবে দেশৰ পৰিবর্তিত প্রজন্মসমূহৰ কথা মনত ৰাখি, ক্রপ পেটার্নক বৈজ্ঞানিক দৃষ্টিকোণৰ পৰা পৰিবর্তনৰ বাবে, ন্যূনতম সহায়ক মূল্যক আৰু অধিক কার্যকৰী আৰু স্বচ্ছ কৰি তোলাৰ বাবে এনে ধৰণৰ সমস্ত বিষয় লৈ, ভবিষ্যতৰ কথা মনত ৰাখি সিদ্ধান্ত লোৱাৰ বাবে এখন কমিটি গঠন কৰা হ’ব। এই কমিটিত কেন্দ্রীয় চৰকাৰ, ৰাজ্য চৰকাৰসমূহৰ প্রতিনিধিসকল থাকিব, কৃষকসকল থাকিব, কৃষি বৈজ্ঞানিকসকল থাকিব, কৃষি অর্থনীতিবিদসকল থাকিব।
বন্ধুসকল,
আমাৰ চৰকাৰে কৃষকসকলৰ কল্যাণত কাম কৰি গৈছে আৰু ভৱিষ্যতলৈও কৰি থাকিব আৰু গুৰু গোবিন্দ সিং-জীৰ ভাবনাৰে মোৰ কথা সমাপ্ত কৰিম –
“দেহ সিওৱা বৰু মোহি বিহৈ সুভ কৰমন তে কবহূঁ ন তৰোঁ।”
অর্থাৎ, হে দেৱী, আমাক বৰ দিয়া যাতে আমি শুভ কাম কৰাৰ সময়ত পিছুৱাই নাযাওঁ।
মই যি কৰিছো কৃষকসকলৰ বাবে কৰিছো, যি কৰিছো দেশৰ বাবে কৰিছো। আপোনালোকৰ সকলোৰে আশীর্বাদত মোৰ পৰিশ্রমত আগতেও কোনো ত্রুটি ৰখা নাই, আজিও মই আপোনালোকক আশ্বস্ত কৰিছো যে এতিয়া আৰু অধিক পৰিশ্রম কৰিম যাতে আপোনালোকৰ স্বপ্নৰাজি বাস্তবায়িত হ’ব পাৰে, দেশৰ স্বপ্নৰাজি বাস্তবায়িত হ’ব পাৰে।
আপোনালোকক বহুত বহুত ধন্যবাদ! নমস্কাৰ!
***
DS/BM
Addressing the nation. https://t.co/daWYidw609
— Narendra Modi (@narendramodi) November 19, 2021
आज गुरु नानक देव जी का पवित्र प्रकाश पर्व है।
— PMO India (@PMOIndia) November 19, 2021
मैं विश्वभर में सभी लोगों को और सभी देशवासियों को हार्दिक बधाई देता हूं: PM @narendramodi
ये भी बहुत सुखद है, कि डेढ़ साल के अंतराल के बाद करतारपुर साबिह कॉरिडोर अब फिर से खुल गया है: PM @narendramodi
— PMO India (@PMOIndia) November 19, 2021
अपने पांच दशक के जीवन में किसानों की चुनौतियों को बहुत करीब से देखा है जब देश हमें 2014 में प्रधानसेवक के रूप में सेवा का अवसर दिया तो हमने कृषि विकास, किसान कल्याण को सर्वोच्च प्राथमिकता दी: PM @narendramodi
— PMO India (@PMOIndia) November 19, 2021
देश के छोटे किसानों की चुनौतियों को दूर करने के लिए, हमने बीज, बीमा, बाजार और बचत, इन सभी पर चौतरफा काम किया।
— PMO India (@PMOIndia) November 19, 2021
सरकार ने अच्छी क्वालिटी के बीज के साथ ही किसानों को नीम कोटेड यूरिया, सॉयल हेल्थ कार्ड, माइक्रो इरिगेशन जैसी सुविधाओं से भी जोड़ा: PM @narendramodi
किसानों को उनकी मेहनत के बदले उपज की सही कीमत मिले, इसके लिए भी अनेक कदम उठाए गए।
— PMO India (@PMOIndia) November 19, 2021
देश ने अपने Rural market infrastructure को मजबूत किया: PM @narendramodi
हमने MSP तो बढ़ाई ही, साथ ही साथ रिकॉर्ड सरकारी खरीद केंद्र भी बनाए।
— PMO India (@PMOIndia) November 19, 2021
हमारी सरकार द्वारा की गई उपज की खरीद ने पिछले कई दशकों के रिकॉर्ड तोड़ दिए हैं: PM @narendramodi
किसानों की स्थिति को सुधारने के इसी महाअभियान में देश में तीन कृषि कानून लाए गए थे।
— PMO India (@PMOIndia) November 19, 2021
मकसद ये था कि देश के किसानों को, खासकर छोटे किसानों को, और ताकत मिले, उन्हें अपनी उपज की सही कीमत और उपज बेचने के लिए ज्यादा से ज्यादा विकल्प मिले: PM @narendramodi
बरसों से ये मांग देश के किसान, देश के कृषि विशेषज्ञ, देश के किसान संगठन लगातार कर रहे थे।
— PMO India (@PMOIndia) November 19, 2021
पहले भी कई सरकारों ने इस पर मंथन किया था।
इस बार भी संसद में चर्चा हुई, मंथन हुआ और ये कानून लाए गए: PM @narendramodi
देश के कोने-कोने में कोटि-कोटि किसानों ने, अनेक किसान संगठनों ने, इसका स्वागत किया, समर्थन किया।
— PMO India (@PMOIndia) November 19, 2021
मैं आज उन सभी का बहुत आभारी हूं: PM @narendramodi
हमारी सरकार, किसानों के कल्याण के लिए, खासकर छोटे किसानों के कल्याण के लिए, देश के कृषि जगत के हित में, देश के हित में, गांव गरीब के उज्जवल भविष्य के लिए, पूरी सत्य निष्ठा से, किसानों के प्रति समर्पण भाव से, नेक नीयत से ये कानून लेकर आई थी: PM @narendramodi
— PMO India (@PMOIndia) November 19, 2021
लेकिन इतनी पवित्र बात, पूर्ण रूप से शुद्ध, किसानों के हित की बात, हम अपने प्रयासों के बावजूद कुछ किसानों को समझा नहीं पाए।
— PMO India (@PMOIndia) November 19, 2021
कृषि अर्थशास्त्रियों ने, वैज्ञानिकों ने, प्रगतिशील किसानों ने भी उन्हें कृषि कानूनों के महत्व को समझाने का भरपूर प्रयास किया: PM @narendramodi
आज मैं आपको, पूरे देश को, ये बताने आया हूं कि हमने तीनों कृषि कानूनों को वापस लेने का निर्णय लिया है।
— PMO India (@PMOIndia) November 19, 2021
इस महीने के अंत में शुरू होने जा रहे संसद सत्र में, हम इन तीनों कृषि कानूनों को Repeal करने की संवैधानिक प्रक्रिया को पूरा कर देंगे: PM @narendramodi
आज ही सरकार ने कृषि क्षेत्र से जुड़ा एक और अहम फैसला लिया है।
— PMO India (@PMOIndia) November 19, 2021
जीरो बजट खेती यानि प्राकृतिक खेती को बढ़ावा देने के लिए,
देश की बदलती आवश्यकताओं को ध्यान में रखकर क्रॉप पैटर्न को वैज्ञानिक तरीके से बदलने के लिए - PM @narendramodi (1/2)
एमएसपी को और अधिक प्रभावी और पारदर्शी बनाने के लिए,
— PMO India (@PMOIndia) November 19, 2021
ऐसे सभी विषयों पर, भविष्य को ध्यान में रखते हुए, निर्णय लेने के लिए, एक कमेटी का गठन किया जाएगा।
इस कमेटी में केंद्र सरकार, राज्य सरकारों के प्रतिनिधि होंगे, किसान होंगे, कृषि वैज्ञानिक होंगे, कृषि अर्थशास्त्री होंगे: PM (2/2)