প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৩০ অক্টোবৰ, ২০২১ত ইটালীৰ ৰোমত আয়োজিত জি ২০ শিখৰ সন্মিলনৰ পটভূমিত ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী মহামহিম লী ছিয়েন লুঙৰ সৈতে দ্বিপাক্ষিক বৈঠক কৰে।
মহামাৰীৰ পিছত দুয়োজন ৰাজনেতাৰ এইখন প্ৰথম বৈঠক আছিল। দুয়োজন ৰাজনেতাই জলবায়ু পৰিবৰ্তনৰে মোকাবিলা কৰিবলৈ বৈশ্বিক প্ৰয়াস আৰু অহা চিঅ‘পি২৬ৰ ওপৰত আলোচনা কৰে। তেওঁলোকে দ্ৰুতগতিত টীকাকৰণ কৰাৰ প্ৰয়াস আৰু গুৰুত্বপূৰ্ণ ঔষধৰ যোগান সুনিশ্চিত কৰাৰ মাধ্যমত কোভিড–১৯ মহামাৰীক নিয়ন্ত্ৰণ কৰাৰ বাবে অব্যাহত প্ৰয়াসৰ বিষয়েও আলোচনা কৰে। এই সন্দৰ্ভত, প্ৰধানমন্ত্ৰী মোদীয়ে দ্বিতীয় লহৰৰ সময়ত ভাৰতক কোভিড সহায় প্ৰদান কৰা বাবে ছিংগাপুৰৰ প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰী লীয়ে ভাৰতত দ্ৰুত টীকাকৰণ অভিযানৰ বাবে প্ৰধানমন্ত্ৰীক অভিনন্দন জনায়।
দুয়োজন ৰাজনেতাই দুয়োখন দেশৰ জনসাধাৰণৰ মাজত সম্পৰ্ক উন্নত কৰাৰ উপায় সন্দৰ্ভতো আলোচনা কৰে। য‘ত দুয়োখন দেশৰ মাজত অহাযোৱাক শীঘ্ৰে সহজ কৰি তোলা বিষয়টোও অন্তৰ্ভুক্ত আছে।
****
DS/SH/SKS
A fruitful meeting between Prime Ministers @narendramodi and @leehsienloong in Rome.
— PMO India (@PMOIndia) October 30, 2021
The two leaders reviewed the full range of the friendly ties between India and Singapore. pic.twitter.com/YJi7sRGNPR
Had an excellent meeting with PM @leehsienloong on ways to further scale-up the friendship between India and Singapore. Our talks focused on trade, culture and other subjects. pic.twitter.com/9lRue5dBfx
— Narendra Modi (@narendramodi) October 30, 2021