মোৰ মৰমৰ দেশবাসীসকল, নমস্কাৰ। আমি সকলোৱে জানো যে আজি মেজৰ ধ্যান চাঁদজীৰ জন্ম জয়ন্তী। আৰু আমাৰ দেশেও তেওঁৰ স্মৃতিত এই দিনটো ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস হিচাপে উদযাপন কৰে। মই চিন্তা কৰিছিলো যে সম্ভৱতঃ, এই সময়ত মেজৰ ধ্যান চাঁদজীৰ আত্মা য’তেই আছে, ত’তেই প্ৰসন্নতা লাভ কৰিছে। কাৰণ ধ্যান চাঁদজীৰ হকীয়ে বিশ্বত ভাৰতৰ বিজয়ডংকা বজোৱাৰ কাম কৰিছিল। আৰু চাৰি দশকৰ পিছত, প্ৰায় ৪১ বছৰৰ পিছত, ভাৰতৰ যুৱচামে, পুত্ৰ আৰু কন্যাসকলে পুনৰ এবাৰ হকী উজ্জীৱিত কৰি তুলিলে । যিমানেই পদক লাভ নকৰক, কোনো ভাৰতীয় নাগৰিকে হকীত পদক নোপোৱালৈকে বিজয় উপভোগ কৰিব নোৱাৰে আৰু এইবাৰ চাৰি দশকৰ পিছত অলিম্পিকত হকী পদক লাভ কৰিলো। আপুনি কল্পনা কৰিব পাৰে যে মেজৰ ধ্যান চাঁদজীৰ হৃদয়, তেওঁৰ আত্মা, কিমান প্ৰসন্ন হ’ব, আৰু ধ্যান চাঁদজীৰ গোটেই জীৱন ক্ৰীড়াৰ প্ৰতি সমৰ্পিত আছিল আৰু সেয়েহে আজি, যেতিয়া আমি দেশৰ যুৱসকলৰ মাজত আমাৰ পুত্ৰ-কন্যাসকলৰ ক্ৰীড়াৰ প্ৰতি আকৰ্ষণ দেখিবলৈ পাওঁ, যদি শিশুৱে খেলত আগবাঢ়ি গৈ আছে তেন্তে অভিভাৱকসকলো সুখী, এই যি দৃশ্য দেখা পোৱা গৈছে মই ভাবো, সেয়াই মেজৰ ধ্যান চাঁদজীৰ প্ৰতি এক ডাঙৰ শ্ৰদ্ধাঞ্জলি।
বন্ধুসকল, যেতিয়া ক্ৰীড়াৰ কথা আহে, স্বাভাৱিকতে, আমি সমগ্ৰ যুৱ প্ৰজন্মক দেখা পাওঁ। আৰু যেতিয়া আমি যুৱ প্ৰজন্মক ভালদৰে প্ৰত্যক্ষ কৰো, আমি এক ডাঙৰ পৰিৱৰ্তন দেখিবলৈ পাওঁ। যুৱচামৰ মন সলনি হৈছে। আৰু আজিৰ ডেকা মনটোৱে পুৰণি ধাৰাৰ পৰিৱৰ্তে নতুন কিবা এটা কৰিব বিচাৰে। আজিৰ যুৱক-যুৱতীসকলে সজাই থোৱা পথ অনুসৰণ কৰিব নিবিচাৰে। তেওঁলোকে নতুন পথ সৃষ্টি কৰিব বিচাৰে। অজ্ঞাতে ঠাইত খোজ দিব বিচাৰে। উদ্দেশ্য নতুন, লক্ষ্যও নতুন, পথো নতুন, আৰু আকাংক্ষাও নতুন, এবাৰ সংকল্প লোৱাৰ পিছত, যুৱচামে দিন-ৰাতিয়ে ইয়াৰ সৈতে জড়িত হৈ পৰে। আমি দেখিছো, কিছুদিন পূৰ্বে, ভাৰতে ইয়াৰ মহাকাশ খণ্ড মুকলি কৰিছে আৰু অতি সোনকালেই যুৱ প্ৰজন্মই সেই সুযোগটো লাভ কৰি ইয়াৰ সুবিধা ল’বলৈ, মহাবিদ্যালয়, বিশ্ববিদ্যালয়, ব্যক্তিগত খণ্ডত কাম কৰা যুৱক-যুৱতীসকল বৃহৎ পৰিমাণে আগবাঢ়ি আহিছে আৰু মই নিশ্চিত যে অনাগত দিনত যি বৃহৎ সংখ্যক উপগ্ৰহৰ সৃষ্টি হ’ব, আমাৰ যুৱ, আমাৰ শিক্ষাৰ্থী, আমাৰ মহাবিদ্যালয়, আমাৰ বিশ্ববিদ্যালয়, পৰীক্ষাগাৰত কাম কৰা শিক্ষাৰ্থীসকলে নিশ্চয় এই সন্দৰ্ভত কাম কৰি আছে। ঠিক সেইদৰে আপোনালোকে আজি য’তেই দেখে, যিকোনো পৰিয়াললৈ চাওক, যিমানেই সম্পন্ন পৰিয়াল নহওক কিয়, শিক্ষিত পৰিয়াল নহওক কিয়, যদি পৰিয়ালৰ যুৱচামৰ সৈতে কথা পতা হয় তেতিয়া তেওঁ নিজৰ পৰিয়ালৰ পৰম্পৰাৰ পৰা আঁতৰি ষ্টাৰ্টআপ আৰম্ভ কৰাৰ কথা কয় ৷ অৰ্থাৎ ৰিস্কৰ সৈতে কাম কৰিবলৈ তেওঁ উদ্বাউল হৈ উঠে ৷ আজি, সৰু সৰু চহৰবোৰতো ষ্টাৰ্টআপৰ সংস্কৃতি বিস্তাৰিত হৈছে আৰু মই সেইবোৰত এক উজ্জ্বল ভৱিষ্যতৰ লক্ষণ দেখিছো। মাত্ৰ কেইদিনমান আগতে আমাৰ দেশত পুতলাৰ বিষয়ে আলোচনা কৰা হৈছিল। চাওতে চাওতে বিষয়টো যেতিয়া আমাৰ যুৱপ্ৰজন্মৰ দৃষ্টিগোচৰ হ’ল, তেওঁলোকে বিশ্বত ভাৰতৰ পুতলাৰ পৰিচয় কিদৰে সাব্যস্ত হ’ব সেই বিষয়েও সিদ্ধান্ত লয়। আৰু, নতুন পৰীক্ষা-নিৰীক্ষা তেওঁলোকে কৰি আছে আৰু বিশ্বত পুতলাৰ এক বিশাল বজাৰ আছে, ৬-৭ লাখ কোটি টকাৰ বজাৰ আছে। আজি, ভাৰতৰ অংশীদাৰীত্ব অতি কম। কিন্তু পুতলা কেনেদৰে বনাব লাগে, পুতলাৰ বিভিন্নতা কি, পুতলাত প্ৰযুক্তি কি, পুতলাত প্ৰযুক্তি কেনেকুৱা হ’ব লাগে, শিশু মনোবিজ্ঞান অনুসৰি পুতলা কেনে হ’ব লাগে। আজি আমাৰ দেশৰ যুৱপ্ৰজন্মই ইয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে, কিবা এটা অৱদান আগবঢ়াব বিচাৰিছে। বন্ধুসকল, আন এটা বস্তু আছে যি মনটোক সুখেৰে ভৰাই তোলে আৰু বিশ্বাস দৃঢ় কৰে। আৰু সেইটো কি, আপোনাৰ কেতিয়াবা চিন্তা কৰিছে নেকি। আমাৰ সাধাৰণতে এনে এটা স্বভাৱ হৈ উঠিছিল – এনেকুৱা হয়, হৈ যাব, কিন্তু মই দেখিছো, মোৰ দেশৰ যুৱচামে এতিয়া নিজকে সৰ্বশ্ৰেষ্ঠৰ ওপৰত গুৰুত্ব দি আছে। সৰ্বশ্ৰেষ্ঠ কৰিব বিচাৰে, ইয়াক সৰ্বশ্ৰেষ্ঠ উপায়েৰে কৰিব বিচাৰে। এইটোও ৰাষ্ট্ৰৰ এক মহান শক্তি হিচাপে উদ্ভাসিত হৈ উঠিব।
বন্ধুসকল, এইবাৰ অলিম্পিকে এক বৃহৎ প্ৰভাৱৰ সৃষ্টি কৰিছে। অলিম্পিক খেল শেষ হৈছে আৰু পেৰালিম্পিক এতিয়াও চলি আছে। ক্ৰীড়াৰ এই পৃথিৱীত দেশৰ সৈতে যি ঘটিছিল সেয়া বিশ্বৰ তুলনাত কম, কিন্তু আত্মবিশ্বাস জাগ্ৰত কৰাৰ বহুতো ঘটনা ঘটিছে। আজি যুৱচামে কেৱল ক্ৰীড়াৰ ফালে চোৱাই নহয়, ইয়াৰ সৈতে জড়িত সম্ভাৱনাবোৰো প্ৰত্যক্ষ কৰিছে। তেওঁলোকে সমগ্ৰ পৰিৱেশ প্ৰণালীটো অতি নিবিড়ভাৱে চাইছে, ইয়াৰ সম্ভাৱনা বুজি আছে আৰু নিজকে কোনো প্ৰকাৰে নহয় কোনো প্ৰকাৰে সংযোগ কৰিব বিচাৰিছে। এতিয়া ই পৰম্পৰাগত বস্তুৰ ঊৰ্ধলৈ গৈ নতুন শাখা গ্ৰহণ কৰিছে। আৰু মোৰ দেশবাসীসকল, যেতিয়া ইয়াত ইমান গতি আহিছে, প্ৰতিটো পৰিয়ালে ক্ৰীড়াৰ বিষয়ে আলোচনা আৰম্ভ কৰিছে। আপোনালোকে মোক কওঁক, এই গতি এতিয়া বন্ধ হ’ব লাগে নেকি, ইয়াক বন্ধ হ’বলৈ দিব লাগে নেকি। নহয়। আপুনি নিশ্চয় মোৰ দৰে একে চিন্তা কৰিছে। এতিয়া, দেশৰ ক্ৰীড়া, খেলুৱৈৰ মনোভাৱ এতিয়া বন্ধ হ’ব নোৱাৰে। পাৰিবাৰিক জীৱন, সামাজিক জীৱন, ৰাষ্ট্ৰ জীৱনত – শক্তিৰে ভৰপূৰ হ’বলৈ, ইয়াক নিৰন্তৰ নতুন শক্তিৰে ভৰাবলৈ এই গতি স্থায়ী কৰিব লাগিব। ঘৰতেই হওক, বাহিৰতেই হওক, গাওঁ, চহৰ, সকলোতে আমাৰ খেলপথাৰ পূৰ্ণ হ’ব লাগে, সকলোৱে খেল খেলিব লাগে আৰু মই লালকিল্লাক কি কৈছিলো আপোনালোকৰ মনত আছে নহয় – “সবকা প্ৰয়াস” – হয়, সকলোৰে প্ৰচেষ্টা। সকলোৰে প্ৰচেষ্টাৰ জৰিয়তে ভাৰতে ক্ৰীড়াক্ষেত্ৰত প্ৰাপ্য উচ্চতা অৰ্জন কৰিবলৈ সক্ষম হ’ব। মেজৰ ধ্যান চাঁদজীৰ দৰে ব্যক্তিয়ে প্ৰদান কৰা পথত আগবাঢ়ি যোৱাটো আমাৰ দায়িত্ব। বহু বছৰৰ পিছত, দেশখনত এনে এটা সময় আহিছে যে পৰিয়াল, সমাজ, ৰাজ্য, ৰাষ্ট্ৰ নিৰ্বিশেষে সকলোৱে এক মনেৰে যোগদান কৰিছে ৷
মোৰ মৰমৰ যুৱবন্ধুসকল, আমি বিভিন্ন ধৰণৰ ক্ৰীড়া আয়ত্ত কৰাৰ এই সুযোগৰ সদ্ব্যৱহাৰ কৰা উচিত। গাঁৱে-গাঁৱে ক্ৰীড়া প্ৰতিযোগিতা অব্যাহত থাকিব লাগে। প্ৰতিযোগিতাৰ পৰাই খেলখন সম্প্ৰসাৰিত হয়, খেলৰ বিকাশ হয়, খেলুৱৈসকলেও ইয়াৰ পৰাই ওলাই ৷ আহক আমি সকলোৱে যিমান পাৰোঁ এই গতি গ্ৰহণ কৰোঁ, আৰু ‘সবকা প্ৰয়াস’ৰ এই মন্ত্ৰেৰে ইয়াক উপলব্ধি কৰি ইয়াত অৱদান আগবঢ়াওঁ।
মোৰ মৰমৰ দেশবাসী, কাইলৈ জন্মাষ্টমীৰ মহাপৰ্ব। জন্মাষ্টমীৰ এই উৎসৱৰ অৰ্থ হৈছে ভগৱান কৃষ্ণৰ জন্ম জয়ন্তী। আমি ঈশ্বৰৰ সকলো ধৰণৰ ৰূপৰ সৈতে পৰিচিত, দুষ্ট কানহাইয়াৰ পৰা বিৰাট ৰূপধাৰী কৃষ্ণলৈ, শাস্ত্ৰৰ শক্তিৰ পৰা অস্ত্ৰৰ শক্তিযুক্ত কৃষ্ণলৈ। কলা হওঁক, সৌন্দৰ্য হওঁক, সুৰ হওঁক, সকলোতে কৃষ্ণ আছে। কিন্তু মই এইবোৰ কথা কোৱাৰ কাৰণ হ’ৱ জন্মাষ্টমীৰ কেইদিনমান আগতে, মই এনে এক আকৰ্ষণীয় অভিজ্ঞতাৰ মাজেৰে পাৰ হৈছো আৰু মই আপোনাৰ সৈতে এয়া বিনিময় কৰিবলৈ মন গৈছে। আপোনাৰ মনত আছে যে এই মাহৰ ২০ তাৰিখে ভগৱান সোমনাথ মন্দিৰৰ সৈতে সম্পৰ্কিত নিৰ্মাণ কাৰ্য উৎসৰ্গা কৰা হৈছে। ভালকা তীৰ্থ সোমনাথ মন্দিৰৰ পৰা ৩-৪ কিলোমিটাৰ দূৰত্বত অৱস্থিত, এই ভালকা তীৰ্থযাত্ৰাত ভগৱান কৃষ্ণই তেওঁৰ অন্তিম মুহূৰ্তবোৰ পৃথিৱীত অতিবাহিত কৰিছিল। এক প্ৰকাৰে, এই পৃথিৱীৰ তেওঁৰ লীলাবোৰ তাত সমাপ্ত হৈছিল। সোমনাথ ন্যাসে সেই গোটেই অঞ্চলটোত বহুতো উন্নয়নমূলক কাম কৰি আছে। মই ভালকা তীৰ্থ আৰু তাত ঘটি থকা কামৰ বিষয়ে চিন্তা কৰি আছিলো, সেই সময়তে মই এখন ধুনীয়া আৰ্ট-বুক লক্ষ্য কৰিছিলো। এই কিতাপখন মোৰ বাসগৃহত কোনোবাই বাহিৰত এৰি থৈ গৈছিল। ইয়াত ভগৱান কৃষ্ণৰ বহুতো সুন্দৰ ছবি আছিল। তাত ডাঙৰ মনোমোহা ছবি আৰু বিশাল অৰ্থপূৰ্ণ ছবি আছিল। যেতিয়া মই কিতাপখনৰ পৃষ্ঠাবোৰ লুটিয়াবলৈ আৰম্ভ কৰিছিলো, মোৰ কৌতূহল বাঢ়ি গৈছিল। যেতিয়া মই এই কিতাপখন আৰু সেই সকলোবোৰ ছবি দেখিলো আৰু তাত মোৰ বাবে এটা বাৰ্তা আছিল ৷ সেই বাৰ্তা পঢ়াৰ পিছত তেওঁক লগ পোৱাৰ দৰে ইচ্ছা হ’ল। যিয়ে এই কিতাপখন বাহিৰত এৰি থ গৈছিল তেওঁক লগ পোৱাৰ ইচ্ছা হ’ল ৷ মোৰ কাৰ্যালয়ে তেওঁৰ সৈতে যোগাযোগ কৰিলে ৷
পিছদিনা মই তেওঁক লগ কৰিবলৈ ফোন কৰিছিলো আৰু কিতাপখন চাই, শ্ৰী কৃষ্ণৰ বিভিন্ন ৰূপ চাই মোৰ কৌতূহল এনেদৰে বৃদ্ধি হৈছিল ৷ এই কৌতূহলতে মই যদুৰাণী দাসীজীক লগ পাইছিলো। তেওঁ আমেৰিকাত জন্মগ্ৰহণ কৰা আমেৰিকান, আমেৰিকাত ডাঙৰ দীঘল হোৱা, যদুৰাণী দাসী জী ইস্কনৰ সৈতে সম্পৰ্কিত, হৰে কৃষ্ণ আন্দোলনৰ সৈতে সম্পৰ্কিত আৰু তেওঁৰ এক মহান বিশেষত্ব আছে আৰু সেয়া হ’ল তেওঁ ভক্তি কলাত নিপুণ। আপুনি জানেনে, মাত্ৰ দুদিন পিছত, ১ ছেপ্টেম্বৰত, ইস্কনৰ প্ৰতিষ্ঠাপক শ্ৰীল প্ৰভুপদ স্বামীজীৰ ১২৫তম জন্ম জয়ন্তী। এই সন্দৰ্ভত যদুৰাণী দাসী জী ভাৰতলৈ আহিছিল। মোৰ সন্মুখত ডাঙৰ প্ৰশ্নটো আছিল আমেৰিকাত জন্ম গ্ৰহণ কৰাসকলে, যিসকলে ভাৰতীয় অনুভূতিৰ পৰা ইমান দূৰত আছিল, অৱশেষত ভগৱান কৃষ্ণৰ এনে এক আকৰ্ষণীয় ছবি কেনেকৈ আঁকিছিল। মই তেওঁৰ সৈতে দীঘলীয়াকৈ কথা পাতিছিলো কিন্তু মই আপোনালোকক ইয়াৰে কিছু অংশ ক’ব বিচাৰো।
প্ৰধানমন্ত্ৰীঃ যদুৰাণী জী, হৰে কৃষ্ণ ! মই ভক্তি কলাৰ বিষয়ে সামান্য অধ্যয়ন কৰিছো কিন্তু আমাৰ শ্ৰোতাসকলক এই বিষয়ে অধিক ক’ব বিচাৰিছো ৷ ইয়াৰ প্ৰতি আপোনাৰ আকৰ্ষণ মহান ৷
যদুৰাণী জীঃ ভক্তি কলাৰ বিষয়ে প্ৰকাশিত এটা প্ৰৱন্ধত এই বুলি দৰ্শোৱা হৈছে যে এই কলা আমাৰ মন অথবা কল্পনাপ্ৰসূত নহয়, ই প্ৰাচীন বৈদিক শাস্ত্ৰ যেনে ভ্ৰম সংহিতাৰ পৰা আহিছে ৷ वें ओंकाराय पतितं स्क्लितं सिकंद, বৃন্দাবনৰ গোস্বামীৰ পৰা আহিছে, স্বয়ং ভগৱান ব্ৰহ্মাৰ পৰা আহিছে ৷ ईश्वर: परम: कृष्ण: सच्चिदानन्द विग्रह: কিদৰে তেওঁ বাঁহীটো ধৰে, কেনেদৰে তেওঁৰ ইন্দ্ৰিয়ই অন্যান্য ইন্দ্ৰিয়ৰ ঊৰ্ধত কাম কৰে আৰু শ্ৰীমদ ভাগৱতম (টিচিআৰ ৯.০৯) बर्हापींड नटवरवपुः कर्णयो: कर्णिकारं, সকলো ৷ তেওঁ কাণত কৰ্ণিকা ফুল ধাৰণ কৰে, সমগ্ৰ বৃন্দাবনত তেওঁৰ পদুম ভৰিৰে চিহ্ন এৰি যায় আৰু গাইবোৰে তেওঁৰ মহিমাৰ শব্দ শুনে ৷ তেওঁৰ বাঁহীয়ে সকলোৰে মন আৰু হৃদয় স্পৰ্শ কৰে ৷ এই সকলোবোৰে প্ৰাচীন বৈদিক শাস্ত্ৰত আছে আৰু এই শাস্ত্ৰৰ শক্তিৰ ফলতে পৰম ভক্তসকলে ইয়াক কলালৈ ৰূপান্তৰিত কৰিছে আৰু সেয়ে ই পৰিৱৰ্তনশীল, এয়া মোৰ শক্তি নহয় ৷
প্ৰধানমন্ত্ৰীঃ যদুৰাণী জী, আপোনাৰ বাবে মোৰ এক ভিন্ন ধৰণৰ প্ৰশ্ন আছে ৷ ১৯৬৬ চনৰ পৰা বাহিৰত থাকি আৰু ১৯৭৬ চনৰ পৰা কায়িকভাৱে আপুনি ভাৰতৰ সৈতে জড়িত হৈ আছে, আপুনি মোক ক’বনে ভাৰত আপোনাৰ বাবে কি ?
যদুৰাণী জীঃ প্ৰধানমন্ত্ৰী মহোদয়, ভাৰত মোৰ বাবে সকলো ৷ মই কিছুদিন পূৰ্বে মাননীয় ৰাষ্ট্ৰপতি মহোদয়ক কৈছিলো যে ভাৰতে কাৰিকৰী দিশত ইমানখিনি আগবাঢ়িছে আৰু টুইটাৰ আৰু ইনষ্টাগ্ৰাম আৰু আইফোন আৰু ডাঙৰ অট্টালিকা আৰু ইমান সুবিধাৰ সৈতে পশ্চিমক ভালদৰে অনুসৰণ কৰিছে কিন্তু মই জানো যে, সেয়া ভাৰতৰ প্ৰকৃত গৌৰৱ নহয়। ভাৰতক মহান কৰি তুলিছে কৃষ্ণই নিজে আৰু ইয়াত জন্ম হোৱা অৱতাৰবোৰে ৷ ভগৱান শিৱৰ জন্ম ইয়াত হৈছিল, ভগৱান ৰামৰ ইয়াত জন্ম হৈছিল, সকলো পবিত্ৰ নদী ইয়াত আছে, বৈষ্ণৱ সংস্কৃতিৰ সকলো পবিত্ৰ ধাম ইয়াত আছে আৰু সেয়ে ভাৰত, বিশেষকৈ বৃন্দাবন বিশ্বৰ ভিতৰতে এক গুৰুত্বপূৰ্ণ স্থান, বৃন্দাবন বৈকুণ্ঠ ধামৰ উৎস, দ্বাৰকাৰ উৎস আৰু সকলো পাৰ্থিৱ সৃষ্টিৰ উৎস, সেয়ে মই ভাৰতক ভাল পাও ৷
প্ৰধানমন্ত্ৰীঃ ধন্যবাদ যদুৰাণী জী, হৰে কৃষ্ণ !
বন্ধুসকল, যেতিয়া বিশ্বৰ মানুহে আজি ভাৰতীয় আধ্যাত্মিকতা আৰু দৰ্শনৰ বিষয়ে ইমান চিন্তা কৰে, গতিকে এই মহান পৰম্পৰাবোৰক আগুৱাই নিয়াটোও আমাৰ দায়িত্ব। আপোনালোকে পুৰণি কথাবোৰ এৰি দিব লাগিব, কিন্তু আপোনালোকে কালজয়ী পৰম্পৰাবোৰ ল’ব লাগিব। আহক আমি আমাৰ উৎসৱবোৰ উদযাপন কৰোঁ, ইয়াৰ বৈজ্ঞানিকতা বুজি পাওঁ, ইয়াৰ আঁৰৰ অৰ্থ বুজি পাওঁ। কেৱল সেয়াই নহয়, প্ৰতিটো উৎসৱত কিছু বাৰ্তা, কিছুমান সংস্কাৰ আছে। আমি ইয়াক জানিব লাগিব, ইয়াক জীয়াই ৰাখিব লাগিব আৰু ইয়াক আগন্তুক প্ৰজন্মৰ বাবে উত্তৰাধিকাৰী হিচাপে আগবঢ়াই নিব লাগিব। মই আকৌ এবাৰ সকলো দেশবাসীক জন্মাষ্টমীৰ শুভেচ্ছা জনাইছো।
মোৰ মৰমৰ দেশবাসীসকল, মই ভাবো, এই ক’ৰোনা কালত মই পৰিষ্কাৰ পৰিচ্ছন্নতাৰ বিষয়ে যিমান ক’ব লাগিছিল তাত কিছু বাকী থাকি গ’ল। মই এইটোও অনুভৱ কৰোঁ যে পৰিষ্কাৰ পৰিচ্ছন্নতা অভিযানটো আমি সামান্যও অদৃশ্য হ’বলৈ দিব নালাগে। ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে সকলোৰে প্ৰচেষ্টা কেনেদৰে বৃদ্ধি পায় তাৰ উদাহৰণে আমাক অনুপ্ৰাণিত কৰে আৰু কিবা এটা কৰিবলৈ, নতুন আত্মবিশ্বাস সৃষ্টি কৰিবলৈ, আমাৰ সংকল্পত প্ৰাণ উশাহ ল’বলৈ এক নতুন শক্তি প্ৰদান কৰে। আমি ভালদৰে জানো যে যেতিয়াই স্বচ্ছ ভাৰত অভিযানৰ কথা আহে, ইন্দোৰৰ নাম আহেই কাৰণ ইন্দোৰে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ওপৰত এক বিশেষ প্ৰভাৱ সৃষ্টি কৰিছে আৰু ইন্দোৰৰ নাগৰিকসকলো এই অভিনন্দনৰ অধিকাৰী। আমাৰ ইন্দোৰ বহু বছৰ ধৰি ‘স্বচ্ছ ভাৰত ৰেংকিং’ত এক নম্বৰ স্থানত আছে। এতিয়া, ইন্দোৰৰ লোকসকলে স্বচ্ছ ভাৰতৰ এই ৰেংকিঙত সন্তুষ্ট হৈ বহিব নিবিচাৰে, তেওঁলোকে আগবাঢ়িব বিচাৰে, তেওঁলোকে কিবা নতুন কৰিব বিচাৰে। আৰু তেওঁলোকে কি কৰিবলৈ সংকল্পবদ্ধ হ’ল ? তেওঁলোকে ‘ৱাটাৰ প্লাছ চিটি’ বৰ্তাই ৰখাৰ বাবে কঠোৰ পৰিশ্ৰম কৰি আছে। ‘ৱাটাৰ প্লাছ চিটি’ এনে এখন চহৰ য’ত কোনো ৰাজহুৱা পানীৰ উৎসত কোনো নৰ্দমা শোধন নকৰাকৈ বোৱাই দিয়া নহয়। ইয়াত থকা নাগৰিকসকলে নিজেই আগবাঢ়ি আহিছে আৰু তেওঁলোকৰ নলাবোৰ নৰ্দমা লাইনৰ সৈতে সংযোগ কৰিছে। এক পৰিষ্কাৰ পৰিচ্ছন্নতা অভিযানো আৰম্ভ কৰা হৈছে আৰু ইয়াৰ ফলত সৰস্বতী আৰু কানহ নদীত পৰা লেতেৰা পানীও যথেষ্ট হ্ৰাস পাইছে আৰু উন্নতিও হৈছে । আজি যেতিয়া আমাৰ দেশে স্বাধীনতাৰ অমৃত মহোৎসৱ উদযাপন কৰি আছে, আমি মনত ৰাখিব লাগিব যে আমি কেতিয়াও স্বচ্ছ ভাৰত অভিযানৰ সংকল্পক লেহেম হ’বলৈ দিব নালাগে। আমাৰ দেশৰ যিমানে অধিক চহৰ ‘ৱাটাৰ প্লাছ চিটি’ হ’ব, সিমানেই পৰিষ্কাৰ পৰিচ্ছন্নতা বৃদ্ধি হ’ব, আমাৰ নদীবোৰ পৰিষ্কাৰ হ’ব আৰু পানী বচাবলৈ মানৱীয় দায়িত্ব বহন কৰিবলৈ সংস্কাৰো হ’ব।
বন্ধুসকল, বিহাৰৰ মধুবনীৰ এটা উদাহৰণ দিবলৈ বিচাৰিছো। মধুবনীৰ ড০ ৰাজেন্দ্ৰ প্ৰসাদ কৃষি বিশ্ববিদ্যালয় আৰু স্থানীয় কৃষি বিজ্ঞান কেন্দ্ৰই একেলগে এটা ভাল প্ৰচেষ্টা কৰিছে। ইয়াৰ দ্বাৰা কেৱল কৃষকসকল লাভান্বিত হোৱাই নহয়, ই স্বচ্ছ ভাৰত অভিযানকো এক নতুন শক্তি প্ৰদান কৰিছে। বিশ্ববিদ্যালয়খনৰ উদ্যোগটোক “সুখেত মডেল” বুলি কোৱা হয়। সুখেত মডেলৰ উদ্দেশ্য হৈছে গাওঁবোৰত প্ৰদূষণ হ্ৰাস কৰা। এই আৰ্হিৰ অধীনত, গাওঁখনৰ কৃষকসকলৰ পৰা পথাৰ আৰু ঘৰৰ পৰা গোবৰ আৰু অন্যান্য আৱৰ্জনা সংগ্ৰহ কৰা হয় আৰু তাৰ বিনিময়ত গাওঁবাসীসকলক এলপিজি চিলিণ্ডাৰৰ বাবে পৰিশোধ কৰা হয়। গাওঁখনৰ পৰা সংগ্ৰহ কৰা আৱৰ্জনাবোৰ নিষ্কাশন কৰিবলৈ ভাৰ্মি কম্পোষ্টো প্ৰস্তুত কৰা হৈছে। অৰ্থাৎ, সুখেত মডেলৰ চাৰিটা লাভালাভ পোনপটীয়াকৈ দৃশ্যমান হৈছে। এটা হ’ল গাওঁখনক প্ৰদূষণৰ পৰা পৰিত্ৰাণ কৰা, আনটো হ’ল লেতেৰাৰ পৰা পৰিত্ৰাণ পোৱা, তৃতীয়টো হ’ল এলপিজি চিলিণ্ডাৰৰ বাবে ধন প্ৰাপ্ত কৰা আৰু চতুৰ্থটো হৈছে গাওঁখনৰ কৃষকসকলৰ বাবে জৈৱিক সাৰৰ সৃষ্টি। আপোনালোকে ভাবক, এনে ধৰণৰ প্ৰচেষ্টাই আমাৰ গাওঁবোৰৰ শক্তি কিমান বৃদ্ধি কৰিব পাৰে। এয়া আত্মনিৰ্ভৰশীলতাৰ বিষয়। মই দেশৰ প্ৰতিখন পঞ্চায়তক এনেধৰণৰ কিবা কৰাৰ বিষয়ে চিন্তা কৰিবলৈ ক’ম। আৰু বন্ধুসকল, যেতিয়া আমি এটা লক্ষ্যৰে যাত্ৰা কৰোঁ, ফলাফলো নিশ্চিত হয়। তামিলনাডুৰ শিৱগংগা জিলাৰ কাঞ্জীৰংগাল পঞ্চায়তলৈ চাওক। এই সৰু পঞ্চায়তে কি কৰিছে চাওক, ইয়াত আপুনি আৱৰ্জনাৰ পৰা সম্পদৰ আন এটা আৰ্হি পাব। ইয়াত, গ্ৰাম পঞ্চায়তে স্থানীয় লোকসকলৰ সৈতে ইয়াৰ গাওঁবোৰত আৱৰ্জনাৰ পৰা বিদ্যুৎ উৎপাদনৰ বাবে এটা স্থানীয় প্ৰকল্প স্থাপন কৰিছে। গোটেই গাওঁখনৰ পৰা আৱৰ্জনা সংগ্ৰহ কৰা হয়, ই বিদ্যুৎ উৎপাদন কৰে আৰু বাকী সামগ্ৰীবোৰ কীটনাশক হিচাপেও বিক্ৰী কৰা হয়। গাওঁখনৰ এই শক্তি প্ৰকল্পটোৰ ক্ষমতা হৈছে প্ৰতিদিনে দুই টন আৱৰ্জনা নিষ্কাশন কৰা। ইয়াৰ দ্বাৰা উৎপাদিত বিদ্যুত পথৰ লাইট আৰু গাওঁখনৰ অন্যান্য প্ৰয়োজনীয়তাত ব্যৱহাৰ কৰা হৈছে। এইটোৱে কেৱল পঞ্চায়তৰ ধন ৰাহি কৰাই নহয় বৰঞ্চ ইয়াক অন্যান্য উন্নয়নৰ উদ্দেশ্যেও ব্যৱহাৰ কৰা হৈছে। এতিয়া মোক কওঁক, তামিলনাডুৰ শিৱগংগা জিলাৰ এখন সৰু পঞ্চায়তে আমাৰ সকলোকে কিবা এটা কৰিবলৈ অনুপ্ৰাণিত কৰে নে নকৰে। তেওঁলোকে আশ্চৰ্যকৰ কাম কৰা নাই নে?
মোৰ মৰমৰ দেশবাসীসকল,
‘মন কী বাত’ এতিয়া ভাৰতৰ সীমাতেই সীমাবদ্ধ নহয়। ‘মন কী বাত’ৰ বিষয়ে পৃথিৱীৰ বিভিন্ন কোণত আলোচনা কৰা হয়। আৰু বিদেশত বাস কৰা আমাৰ ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলেও মোক বহুতো নতুন তথ্য দি থাকে। আৰু মই কেতিয়াবা ‘মন কী বাত’ত বিদেশত চলি থকা অনন্য কাৰ্যসূচীবোৰ আপোনালোকৰ সৈতে ভাগ বতৰা কৰিবলৈও ভাল পাওঁ। আজিও, মই আপোনাক এনে কিছুমান লোকৰ সৈতে পৰিচয় কৰাই দিম, কিন্তু তাৰ আগতে মই আপোনাক এটা অডিঅ’ শুনাব বিচাৰো। অলপ মনোযোগেৰে শুনিব।
##
[ৰেডিঅ’ ইউনিটী নাইণ্টি এফ এম.-২]
नमोनमः सर्वेभ्यः। मम नाम गङ्गा। भवन्तः शृण्वन्तु रेडियो-युनिटी-नवति-एफ्.एम् –‘एकभारतं श्रेष्ठ-भारतम्’। अहम् एकतामूर्तेः मार्गदर्शिका एवं रेडियो-युनिटी-माध्यमे आर्.जे. अस्मि। अद्य संस्कृतदिनम् अस्ति। सर्वेभ्यः बहव्यः शुभकामनाः सन्ति| सरदार-वल्लभभाई-पटेलमहोदयः ‘लौहपुरुषः’ इत्युच्यते। २०१३-तमे वर्षे लौहसंग्रहस्य अभियानम् प्रारब्धम्। १३४-टन-परिमितस्य लौहस्य गलनं कृतम्। झारखण्डस्य एकः कृषकः मुद्गरस्य दानं कृतवान्। भवन्तः शृण्वन्तु रेडियो-युनिटी-नवति-एफ्.एम् –‘एकभारतं श्रेष्ठ-भारतम्’।
[ৰেডিঅ’ ইউনিটী নাইণ্টি এফ এম.-২]
##
বন্ধুসকল, আপোনালোকে নিশ্চয় ভাষাটো বুজি পাইছে। এই ৰেডিঅ’ত সংস্কৃতত আলোচনা কৰা হৈছে আৰু যিসকলে কথা কৈ আছে সেয়া হ’ল আৰ জে গংগা। আৰ জে গংগা গুজৰাটৰ ৰেডিঅ’ জকী গোটৰ সদস্য। তেওঁৰ আন সংগীও আছে, যেনে আৰ জে নীলম, আৰ জে গুৰু আৰু আৰ জে হেতল। তেওঁলোক সকলোৱে গুজৰাটৰ, কেৱাড়িয়াত সংস্কৃত ভাষাৰ মান বৃদ্ধিৰ বাবে একেলগে কাম কৰি আছে। আৰু আপোনালোকে টো জানে যে এই কেৱাড়িয়া হৈছে য’ত পৃথিৱীৰ সৰ্বোচ্চ মূৰ্তি, আমাৰ দেশৰ গৌৰৱ, ষ্টেচু অব্ ইউনিটী আছে, মই সেই কেৱাড়িয়াৰ বিষয়ে কথা পাতিআছো। আৰু এই সকলোবোৰ ৰেডিঅ’ জকী যিয়ে একে সময়তে বহুতো চৰিত্ৰত অভিনয় কৰে। তেওঁলোকে গাইড হিচাপেও কাম কৰে, লগতে কমিউনিটী ৰেডিঅ’ ইনিচিয়েটিভ, ৰেডিঅ’ ইউনিটী ৯০ এফএম-ও পৰিচালনা কৰে। এই আৰ জেসকলে তেওঁলোকৰ শ্ৰোতাসকলক সংস্কৃত কথা কয়, তেওঁলোকক সংস্কৃতত তথ্য প্ৰদান কৰে।
বন্ধুসকল, আমাৰ ইয়াত সংস্কৃতত এষাৰ কথা কোৱা হয়-
अमृतम् संस्कृतम् मित्र, सरसम् सरलम् वचः।
एकता मूलकम् राष्ट्रे, ज्ञान विज्ञान पोषकम्।
অৰ্থাৎ আমাৰ সংস্কৃত ভাষা সৰসো আৰু সৰলো ৷
সংস্কৃত, ইয়াৰ চিন্তাধাৰা, ইয়াৰ সাহিত্যৰ জৰিয়তে জ্ঞান আৰু জাতিৰ ঐক্যতাৰ প্ৰতিপালন আৰু শক্তিশালী কৰে। সংস্কৃত সাহিত্যত মানৱতা আৰু জ্ঞানৰ এনে এক ঐশ্বৰিক দৰ্শন আছে যি যিকোনো লোকক আকৰ্ষিত কৰিব পাৰে। শেহতীয়াকৈ, মই বহুতো লোকৰ বিষয়ে জানিব পাৰিলোঁ যিসকলে বিদেশত সংস্কৃত শিকোৱাৰ অনুপ্ৰেৰণামূলক কাম কৰি আছে। তেনে এজন ব্যক্তি হৈছে আয়াৰলেণ্ডৰ এজন প্ৰখ্যাত সংস্কৃত পণ্ডিত আৰু শিক্ষক শ্ৰীমান ৰাটগাৰ কৰ্টেনহাৰ্ষ্ট আৰু তেওঁ তাত থকা শিশুসকলক সংস্কৃত শিকায়। ইয়াত, পূবত, ভাৰত আৰু থাইলেণ্ডৰ মাজত সাংস্কৃতিক সম্পৰ্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত সংস্কৃত ভাষাৰো এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। থাইলেণ্ডত সংস্কৃত ভাষাৰ প্ৰচাৰত ড০ চিৰাপত প্ৰপণ্ডবিদ্যা আৰু ড০ কুসুমা ৰক্ষামণি দুয়োজনে অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে। তেওঁলোকে থাই আৰু সংস্কৃত ভাষাতো তুলনামূলক সাহিত্য ৰচনা কৰিছে। তেনে এজন অধ্যাপক হৈছে, শ্ৰীযুত বৰিছ জাখৰিন, যি ৰাছিয়াৰ মস্কো ষ্টেট ইউনিভাৰ্চিটিত সংস্কৃত পঢ়ায়। তেওঁ কেইবাখনো গৱেষণা পত্ৰ আৰু কিতাপ প্ৰকাশ কৰিছে। তেওঁ সংস্কৃতৰ পৰা ৰুচিলৈ বহুতো কিতাপ অনুবাদ কৰিছে। একেদৰে, ছিডনী সংস্কৃত বিদ্যালয় হৈছে অষ্ট্ৰেলিয়াৰ অন্যতম মুখ্য প্ৰতিষ্ঠান য’ত শিক্ষাৰ্থীসকলক সংস্কৃত শিকোৱা হয়। তেওঁলোকে স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলৰ বাবে সংস্কৃত ব্যাকৰণ কেম্প, সংস্কৃত নাটক আৰু সংস্কৃত দিৱসৰ দৰে কাৰ্যসূচীও আয়োজন কৰে।
বন্ধুসকল, সাম্প্ৰতিক সময়ত সংঘটিত হোৱা প্ৰচেষ্টাই সংস্কৃতৰ বিষয়ে এক নতুন সজাগতা সৃষ্টি কৰিছে। এতিয়া সময় হৈছে এই দিশত আমাৰ প্ৰচেষ্টা আৰু বৃদ্ধি কৰাৰ। আমাৰ সকলোৰে কৰ্তব্য হৈছে আমাৰ ঐতিহ্য কঢ়িয়াই অনা, আমাৰ ঐতিহ্য সংৰক্ষণ কৰা, নতুন প্ৰজন্মক প্ৰদান কৰা, আৰু ভৱিষ্যত প্ৰজন্মৰ ইয়াৰ ওপৰত অধিকাৰো আছে। এতিয়া সময় হৈছে এই কামবোৰৰ বাবেও সকলোৰে প্ৰচেষ্টা বৃদ্ধি কৰাৰ। বন্ধুসকল, যদি আপুনি এনে প্ৰচেষ্টাৰ সৈতে জড়িত কাৰোবাক জানে, আপোনাৰ ওচৰত এনে কোনো তথ্য আছে, অনুগ্ৰহ কৰি #CelebratingSanskrit সৈতে তেওঁলোকৰ বিষয়ে তথ্য ছ’চিয়েল মিডিয়াত ভাগ বতৰা কৰক।
মোৰ মৰমৰ দেশবাসীসকল, অহা কেইদিনমানৰ ভিতৰত ‘বিশ্বকৰ্মা জয়ন্তী’ও আহি আছে। ভগৱান বিশ্বকৰ্মাক আমাৰ দেশত বিশ্বৰ সৃষ্টিশীল শক্তিৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। যিয়ে নিজৰ দক্ষতাৰে সৃষ্টি কৰে, সৃজন কৰে, লাগিলে সেয়া চিলাই, এম্ব্ৰইডাৰী, ছফ্টৱেৰ বা উপগ্ৰহেই হওক, সকলোবোৰ ভগৱান বিশ্বকৰ্মাৰ প্ৰকাশ। যদিও আজি পৃথিৱীত এক নতুন ধৰণে দক্ষতা চিনাক্ত কৰা হৈছে, আমাৰ ঋষিসকলে হাজাৰ হাজাৰ বছৰ ধৰি দক্ষতা আৰু পৰিমাণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। তেওঁলোকে দক্ষতা, কৌশল, বিশ্বাসক সংযোগ কৰি আমাৰ জীৱন দৰ্শনৰ এক অংশ কৰি তুলিছে। আমাৰ বেদবোৰে বহুতো সৃষ্টি ভগৱান বিশ্বকৰ্মাক উৎসৰ্গা কৰিছে। সৃষ্টিৰ সকলো মহান ৰচনা, যিমানবোৰ নতুন আৰু মহান কাম কৰা হৈছে, আমাৰ শাস্ত্ৰত ভগৱান বিশ্বকৰ্মাক কৃতিত্ব দিয়া হয়। এক প্ৰকাৰে বিশ্বত যিমান বিকাশ আৰু উদ্ভাৱন হৈছে, এই সকলোবোৰ দক্ষতাৰ ফলত হৈছে আৰু এয়াই তেওঁৰ প্ৰতীক। ভগৱান বিশ্বকৰ্মাৰ জয়ন্তী আৰু তেওঁৰ উপাসনাৰ আঁৰত এইটোৱেই প্ৰধান কথা। আৰু আমাৰ শাস্ত্ৰত এইটোও কোৱা হৈছে:
विश्वस्य कृते यस्य कर्मव्यापारः सः विश्वकर्मा।
অৰ্থাৎ সৃষ্টি আৰু নিৰ্মাণৰ সৈতে সম্পৰ্কিত সকলো কাম কৰা ব্যক্তি হৈছে বিশ্বকৰ্মা। আমাৰ শাস্ত্ৰৰ দৃষ্টিত, আমাৰ চাৰিওফালে নিৰ্মাণ আৰু সৃষ্টিত নিয়োজিত সকলোবোৰ দক্ষ লোক হৈছে ভগৱান বিশ্বকৰ্মাৰ উত্তৰাধিকাৰী। তেওঁলোক অবিহনে, আমি আমাৰ জীৱন কল্পনা কৰিব নোৱাৰোঁ। আপোনালোকে ভাবি চাওক, যদি ঘৰত বিদ্যুতৰ কোনো সমস্যা হৈছে আৰু আপুনি কোনো ইলেক্ট্ৰিচিয়ান নাপায় তেন্তে কি হ’ব? আপুনি কি সমস্যাৰ সন্মুখীন হ’ব। আমাৰ জীৱন এনে বহুতো দক্ষ লোকৰ দ্বাৰা পৰিচালিত হয়। আপোনালোকৰ চাৰিওফালে চাওক, লোহাৰ শ্ৰমিক, মৃৎশিল্প নিৰ্মাতা, কাঠ নিৰ্মাতা, বৈদ্যুতিক কৰ্মী, ঘৰৰ চিত্ৰকৰ, ছুইপাৰ, বা এই সকলো ম’বাইল-লেপটপ মেৰামতি কৰা এই সকলোবোৰ সতীৰ্থ তেওঁলোকৰ দক্ষতাৰ বাবে জনাজাত। আধুনিক ৰূপত, এইসকল লোকেই বিশ্বকৰ্মা। কিন্তু বন্ধুসকল, ইয়াৰ আন এটা দিশ আছে আৰু কেতিয়াবা ই চিন্তাৰ কাৰণো হয়, এনে এখন দেশত য’ত সংস্কৃতি, পৰম্পৰা, চিন্তা, দক্ষতা, জনশক্তি ভগৱান বিশ্বকৰ্মাৰ সৈতে সম্পৰ্কিত হৈ আছে, তাত কেনেদৰে পৰিস্থিতি সলনি হ’ল, এটা সময়ত, আমাৰ পাৰিবাৰিক জীৱন, সামাজিক জীৱন, দক্ষতাই ৰাষ্ট্ৰীয় জীৱনত যথেষ্ট প্ৰভাৱ পেলাইছিল। কিন্তু দাসত্বৰ দীঘলীয়া সময়ছোৱাত দক্ষতাৰ প্ৰতি এনে সন্মানৰ ভাৱ লাহে লাহে নাইকিয়া হৈ গ’ল। চিন্তাধাৰা এনেকুৱা হৈ পৰিছিল যে দক্ষতা-আধাৰিত কাৰ্য্যবোৰ সৰু বুলি গণ্য কৰা আৰম্ভ হৈছিল। আৰু এতিয়া চাওক, সমগ্ৰ বিশ্বই আটাইতকৈ বেছি দক্ষতাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। ভগৱান বিশ্বকৰ্মাৰ উপাসনাও কেৱল আনুষ্ঠানিকতাৰ জৰিয়তে সম্পূৰ্ণ নহয়। আমি দক্ষতাক সন্মান কৰিব লাগিব, দক্ষ হ’বলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব। আপুনি দক্ষ হোৱাৰ গৌৰৱ কৰা উচিত। যেতিয়া আমি কিবা নতুন কৰো, কিবা এটা উদ্ভাৱন কৰো, এনে কিবা সৃষ্টি কৰো যি সমাজক লাভান্বিত কৰিব, মানুহৰ জীৱন সহজ কৰি তুলিব, তেতিয়া আমাৰ বিশ্বকৰ্মা পূজা সাৰ্থক হ’ব। বৰ্তমান সময়ত, পৃথিৱীৰ দক্ষ লোকসকলৰ বাবে কোনো সুযোগৰ অভাৱ নাই। আজি দক্ষতাৰ পৰা কিমানটা প্ৰগতিৰ পথ উদ্ভাৱিত হৈছে। গতিকে, আমি উপাসনাত বিশ্বাস ৰখাৰ লগতে ভগৱান বিশ্বকৰ্মাৰ বাৰ্তা গ্ৰহণ কৰাৰ সংকল্প লও আহক। আমাৰ উপাসনাৰ উদ্দেশ্য এয়া হ’ব লাগে যে আমি দক্ষতাৰ গুৰুত্ব বুজি পাম, আৰু দক্ষসকলকো, তেওঁলোকে যিয়েই কাম নকৰক কিয়, তেওঁলোকক সম্পূৰ্ণ সন্মান দিব লাগে।
মোৰ মৰমৰ দেশবাসীসকল, এয়া স্বাধীনতাৰ ৭৫ তম বছৰ। এই বছৰটোত আমি প্ৰতিদিনে নতুন সংকল্প ল’ব লাগিব, নতুন চিন্তা কৰিব লাগিব, আৰু নতুন কিবা কৰাৰ আমাৰ মনোভাৱ বৃদ্ধি কৰিব লাগিব। যেতিয়া আমাৰ ভাৰতে স্বাধীনতাৰ ১০০ বছৰ সম্পূৰ্ণ কৰিব, আমাৰ সংকল্পবোৰ ইয়াৰ সফলতাৰ ভিত্তিত হ’ব। গতিকে, আমি এই সুযোগটো এৰি দিব নালাগে। আমি ইয়াত যিমান পাৰি অৱদান আগবঢ়াব লাগিব। আৰু এই প্ৰচেষ্টাবোৰৰ মাজত, আমাৰ আৰু এটা কথা মনত ৰাখিব লাগিব। ঔষধ, আৰু কঠোৰতা। দেশত ৬২ কোটিতকৈও অধিক প্ৰতিষেধক প্ৰদান কৰা হৈছে, কিন্তু তথাপিও আমি সাৱধান হ’ব লাগিব, আমি সতৰ্ক থাকিব লাগিব। আৰু হয়, সদায়ৰ দৰে, যেতিয়াই আপোনালোকে কিবা নতুন কৰে, নতুন চিন্তা কৰে, নিশ্চিতভাৱে মোক ইয়াত অন্তৰ্ভুক্ত কৰিব। মই আপোনালোকৰ চিঠি আৰু বাৰ্তাৰ বাবে অপেক্ষা কৰিম। এই ইচ্ছাৰ সৈতে, আপোনালোক সকলোকে আকৌ এবাৰ আগন্তুক উৎসৱৰ বাবে অশেষ অভিনন্দন জনাইছে। অশেষ ধন্যবাদ।
নমস্কাৰ!
****
DS/SH/RSB/VK/MANN
Tune in to this month’s #MannKiBaat. https://t.co/HJ0nJIXJFd
— Narendra Modi (@narendramodi) August 29, 2021
Every medal is special.
— PMO India (@PMOIndia) August 29, 2021
When India won a Medal in Hockey, the nation rejoiced. And, Major Dhyan Chand Ji would have been so happy. #MannKiBaat pic.twitter.com/0pjtzwA11d
India’s youth wants to do something new and at a large scale. #MannKiBaat pic.twitter.com/3o48mp3uR7
— PMO India (@PMOIndia) August 29, 2021
PM @narendramodi applauds India’s Yuva Shakti during today’s #MannKiBaat. pic.twitter.com/lPer6vpY41
— PMO India (@PMOIndia) August 29, 2021
India’s space sector reforms have captured the imagination of the youth. #MannKiBaat pic.twitter.com/0rJ0pDQxAN
— PMO India (@PMOIndia) August 29, 2021
Ask any youngster what he or she wants to do and a common answer will be - start up.
— PMO India (@PMOIndia) August 29, 2021
The start up sector is very vibrant in India. #MannKiBaat pic.twitter.com/93xo006liM
India’s youth is giving emphasis to quality. #MannKiBaat pic.twitter.com/gVd7S4ItrG
— PMO India (@PMOIndia) August 29, 2021
India is cheering for our #Paralympics contingent.
— PMO India (@PMOIndia) August 29, 2021
At a larger level, there is renewed momentum towards sports across India.
Our fields must be full of players. #MannKiBaat pic.twitter.com/9Is8JBAr80
We recall the noble teachings of Bhagwan Shri Krishna. #MannKiBaat pic.twitter.com/0zrTxKbkXz
— PMO India (@PMOIndia) August 29, 2021
Indian culture and spirituality are gaining popularity globally. #MannKiBaat pic.twitter.com/mq47I66mkz
— PMO India (@PMOIndia) August 29, 2021
Keeping the momentum towards furthering Swachhata. #MannKiBaat pic.twitter.com/9DUO1mq3iH
— PMO India (@PMOIndia) August 29, 2021
Hear an interesting interaction between PM @narendramodi and Jadurani Dasi Ji, who has done pioneering work in Bhakti Art. #MannKiBaat https://t.co/L0bzuAGXdP
— PMO India (@PMOIndia) August 29, 2021
If you know about people who are doing commendable work to popularise Sanskrit, write about them on social media using #CelebratingSanskrit. #MannKiBaat pic.twitter.com/YsyvLWs67E
— PMO India (@PMOIndia) August 29, 2021
Paying homage to Bhagwan Vishwakarma. #MannKiBaat pic.twitter.com/tPGM8LWeaz
— PMO India (@PMOIndia) August 29, 2021
Need of the hour is to give importance to skill development. #MannKiBaat pic.twitter.com/pezVk3Y3NU
— PMO India (@PMOIndia) August 29, 2021
India’s successes at the Tokyo Olympics would have made Major Dhyan Chand Ji very happy. This is the best time to look ahead and strengthen the sporting culture in India. #MannKiBaat pic.twitter.com/dTAy263nde
— Narendra Modi (@narendramodi) August 29, 2021
Today’s #MannKiBaat covered aspects relating to the timeless Sanskrit language. Highlighted a unique radio initiative at @souindia, efforts in Thailand, Australia, Russia and Ireland to popularise Sanskrit. If you know those who are #CelebratingSanskrit, do post about them. pic.twitter.com/sDaOaDhzO6
— Narendra Modi (@narendramodi) August 29, 2021
You would surely get inspired by these examples from Bihar, Madhya Pradesh and Tamil Nadu, which reiterate the importance of Swachhata as well as ‘waste to wealth.’ #MannKiBaat pic.twitter.com/m19df7F53z
— Narendra Modi (@narendramodi) August 29, 2021
May the blessings of Bhagwan Vishwakarma always remain upon us. May we not only respect all forms of work but also undertake efforts that boost skilling and value addition. #MannKiBaat pic.twitter.com/kW9N6CBchI
— Narendra Modi (@narendramodi) August 29, 2021
This interaction with Jadurani Dasi Ji will tell you how popular the teachings of Bhagwan Shri Krishna are globally and what Bhakti Art is… #MannKiBaat pic.twitter.com/DSDFOBJiEE
— Narendra Modi (@narendramodi) August 29, 2021